ETV Bharat / state

কৰ্দৈগুৰিৰ পৰা নিৰুদ্দেশ তিনিজনকৈ যুৱক - কৰ্দৈগুৰিৰ পৰা নিৰুদ্দেশ তিনিজনকৈ যুৱক

22 অক্টোবৰৰ পুৱা প্ৰায় 9 বজাত তিনিচুকীয়াৰ কৰ্দৈগুৰি গাঁৱৰ পৰা নিৰুদ্দেশ(Missing) তিনিজনকৈ যুৱক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ যুৱক তিনিজনৰ লগতে স্থানীয় ৰাইজৰ ৷ নিৰুদ্দেশৰ আঁৰত বিষ্ণুপুৰ গাঁৱৰ নিবাসী নিতু মৰাণ(বুদাই) জড়িত থকাৰ সন্দেহ প্ৰকাশ ৰাইজৰ ৷

three-young-boys-are-missing-from-kordoiguri
কৰ্দৈগুৰিৰ পৰা নিৰুদ্দেশ তিনিজনকৈ যুৱক
author img

By

Published : Oct 24, 2021, 12:39 PM IST

Updated : Oct 24, 2021, 12:56 PM IST

তিনিচুকীয়া, 24 অক্টোবৰ : তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক সন্ধানহীন(Missing)ৰ ঘটনা ৷ 22 অক্টোবৰৰ পুৱা প্ৰায় 9 বজাত কৰ্দৈগুৰি গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে তিনিজনকৈ যুৱক ৷ নিৰুদ্দেশৰ খবৰ লাভ কৰাৰ পাচতে যুৱক তিনিজনৰ পৰিয়ালে বাঘজান থানা(Baghjan Police Station)ত এখন এজাহাৰ দাখিল কৰিছিল ৷

কিন্তু বৰ্তমানলৈকে যুৱক তিনিজনৰ নিৰুদ্দেশৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো তদন্ত আৰম্ভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সমান্তৰালকৈ উদ্বিগ্ন হৈ পৰিছে সন্ধানহীন যুৱক তিনিজনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷ নিৰুদ্দেশ হোৱা যুৱককেইজন ক্ৰমে দৰ্জিজান গাঁৱৰ সুৰুজ মৰাণ(18), অসীম মৰাণ(19) আৰু এক নং কৰ্দৈগুৰি গাঁৱৰ বিচিত্ৰ মৰাণ(20) ।

নিৰুদ্দেশ হোৱাৰ দুটাকৈ দিন উকলি যোৱাৰ পাচতো আৰক্ষী-প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি তিনি যুৱকৰ আত্মীয়ই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ৷ স্থানীয় ৰাইজে সদৰী কৰা মতে, বিষ্ণুপুৰ গাঁৱৰ নিবাসী নিতু মৰাণে(বুদাই) যুৱক তিনিজনক ঘৰৰ পৰা লৈ গৈছিল । তাৰ পাচৰ পৰাই ঘৰলৈ উভতি অহা নাই যুৱককেইজন ৷

যুৱক কেইজনৰ সন্ধানহীন সন্দৰ্ভত নিতুক সোধ-পোছ কৰিবলৈ পৰিয়ালৰ লোকে নিতুৰ ওচৰলৈ কাষ চাপিছিল ৷ কিন্তু সেই সময়তে মটৰ চাইকেল চলাই থকা অৱস্থাত আদবাটৰ পৰাই পলায়ন কৰে নিতুৱে । সেয়েহে যুৱক তিনিজনৰ নিৰুদ্দেশৰ আঁৰত নিতু মৰাণ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : কলিয়াবৰ কাণ্ডৰ ঘটনাস্থলীত উপস্থিত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি

Last Updated : Oct 24, 2021, 12:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.