ডুমডুমা, 6 জুন : তিনিচুকীয়া জিলাৰ ডুমডুমাত বৃক্ক ৰোগত আক্ৰান্ত তিনিবছৰীয়া শিশু কন্যাই হাহাকাৰ কৰিবলগীয়া হৈছে দৰৱৰ বাবে ৷ পখিলা খেদাৰ বয়সতে জটিল বৃক্ক (KIDNEY) ৰোগত আক্ৰান্ত হৈছে আফ্ৰিণা বেগম নামৰ শিশুটি ৷ 2019 চনৰ 15 মে’ত ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত ডুমডুমা নগৰৰ 1 নং ৱাৰ্ডৰ অন্তৰ্গত শংকৰদেৱে কলনীৰ নিৱাসী শ্ৰমিক চাইফুল ইছলাম আৰু জৰিণা বেগমৰ কনিষ্ঠ কন্যা আফ্ৰিণা বেগমৰ দেহত ধৰা পৰিছিল এই ৰোগৰ ৷
চিকিৎসকে আফ্ৰিণাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে যদিও দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ পিতৃ-মাতৃসে টকাৰ অভাৱত আফ্ৰিণাক গুৱাহাটীলৈ নিবলৈ সক্ষম হোৱা নাই ৷ ইফালে ভূতৰ ওপৰত দানহ পৰা দি বিগত বৰ্ষৰ 25 জুনত ডিব্ৰু নৈৰ গৰাখহনীয়াত পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় ৷ সম্প্ৰতি ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত যমৰ যন্ত্ৰণাত জীৱন কটাইছে গৃহহীন হৈ পৰা চাৰিজনীয়া দৰিদ্ৰ পৰিয়ালটো ৷
শেহতীয়াকৈ আফ্ৰিণা বেগমৰ উন্নত চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে ৷ এই ক্ষেত্ৰত দুৰাৰোগ্য আফ্ৰিণা বেগমৰ উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷ লগতে সদাশয় ৰাইজে দৰিদ্ৰ পৰিয়ালটোক Afrana Begumৰ ডুমডুমা শাখাত থকা একাউণ্ট নং- 0015011009619, ISFC : PUNB0001520 ত সহায় কৰিবলৈ কাতৰ অনুৰোধ জনায় ৷ ইয়াৰোপৰি সহায়ৰ বাবে 6000418097 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায় দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷
লগতে পঢ়ক : কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক