ETV Bharat / state

ৰে’ল বিভাগৰ বিৰুদ্ধে নামঘৰৰ প্ৰৱেশ পথ বন্ধ কৰাৰ অভিযোগ - namghar

১৯৬৭ চনতে স্থাপিত হোৱা তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত হিজুগুৰি বৰনামঘৰ সংকটত ৷ ৰাইজৰ অভিযোগ মতে ভাৰতীয় ৰে’ল বিভাগৰ বাবেই সংকটৰ মুখা-মুখি হৈছে বৰনামঘৰটো ৷ সবিশেষ জানো আহক এই প্ৰতিবেদনত...

threat-to-historical-sijoguri-bar-namghar
সংকটত ঐতিহ্যমণ্ডিত হিজুগুৰি বৰনামঘৰ
author img

By

Published : Oct 28, 2021, 10:51 PM IST

Updated : Oct 29, 2021, 7:11 AM IST

তিনিচুকীয়া, 28 অক্টোবৰ : ৰাজ্যত অসমীয়া ভাষাৰ ওপৰত অসন্মান চলি থকা সময়তে পুনৰ তিনিচুকীয়াৰ হিজুগুৰি ঐতিহ্যমণ্ডিত বৰনামঘৰৰ প্ৰতি নামি আহিছে ভাবুকি ৷ ৰাইজৰ অভিযোগ মতে ভাৰতীয় ৰে’ল বিভাগৰ বাবেই সংকটৰ মুখা-মুখি হৈছে বৰনামঘৰটো ৷ ১৯৬৭ চনতে এই বৰ নামঘৰটো স্থানীয় অসমীয়া ৰাইজে স্থাপন কৰিছিল । সম্প্ৰতি এই নামঘৰৰ লগতে নামঘৰৰ খেলপথাৰখনো তিনিচুকীয়া ৰে’ল বিভাগে অধিগ্ৰহণ কৰাৰ চেষ্টা চলাইছে বুলি জানিব পৰা গৈছে ।

সংকটত ঐতিহ্যমণ্ডিত হিজুগুৰি বৰনামঘৰ

এই ক্ষেত্ৰত হিজুগুৰি স্থানীয় ৰাইজে ৰে’ল বিভাগক নিজৰ আপত্তি সন্দৰ্ভত অৱগত কৰিছে ৷ অৱশ্যে, বিষয়টো সন্দৰ্ভত ৰে’ল বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে হিজুগুৰি অঞ্চলত অন্য বহু মঠ মন্দিৰ আছে যদিও, কেৱল মাথোঁ এই অসমীয়াৰ বৰ নামঘৰটোৰ ওপৰতহে ৰে’ল বিভাগে চকু দিয়াকলৈয়ো আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে ৷

এতিয়া অসমীয়াৰ ভাষা, সংস্কৃতি, ধৰ্মীয়-অনুষ্ঠান ইত্যাদি সমূহ এনেকৈ লুপ্ত হৈ যাব নেকি বুলিও চিন্তা প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা সচেতন মহলে ৷

লগতে পঢ়ক : পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

Last Updated : Oct 29, 2021, 7:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.