শদিয়া , 2 অক্টোবৰ : কাকপথাৰ চহৰত চুৰি কাণ্ড লক্ষ্যাধীক টকাৰ সামগ্ৰী লৈ উধাও হ’ল চোৰ বিগত কিছুদিন ধৰি কাকপথাৰ চহৰত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড ৷
কাকপথাৰ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কি:মি: নিলগৰ দিলিপ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ গেলামালৰ দোকানত সংঘটিত হৈছে এই ঘটনা ৷ নিশা চোৰে দোকানৰ টিন কাটি চাউল, তেল, আটা,ময়দাকে ধৰি নগদ ধনেৰে মুঠ প্ৰায় লক্ষাধিক টকাসহ সামগ্ৰী লৈ উধাও হয় ৷ ইপিনে দোকানখনত থকা চোৰে চি চি টি ভি কেমেৰাটো ভাঙি লৈ যোৱা বুলি দোকানখনৰ গৰাকীয়ে জানিবলৈ দিছে ৷
শাৰীৰিক ভাবে সক্ষম দিলিপ গুপ্তা নামৰ স্বত্বাধিকাৰীজনৰ দোকানখনত ইয়াৰ পূৰ্বেও বহুবাৰ চুৰি কাণ্ড সংঘটিত হৈছে ৷ যোৱা এটা পষেকত কাকপথাৰ চহৰত এইটো চুৰি কাণ্ডৰ তৃতীয়টো ঘটনা সংঘটিত হৈছে ৷ ইপিনে কাকপথাৰ আৰক্ষীয়ে বিশেষ কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কাকপথাৰৰ ব্যৱসায়ীসকলে ৷