ETV Bharat / state

লিডুত গভাইত চোৰ আটক: উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক

author img

By

Published : Aug 24, 2021, 2:10 PM IST

চুৰি বিদ্যা এক নীৰৱ সাধনা, যেতিয়ালৈকে এই সাধনা নীৰৱে চলি থাকে চোৰে তাৰ গুণ লাভ কৰে আৰু সাধনা আনৰ চকুত পৰিলেই ঔ-কিল ৷ সোমবাৰে নিশা এনে এটা চোৰৰ লগত কি হ’ল জানো আহক ৷

Thief arrested at ledo
লিডুত গভাইত চোৰ আটক : উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক

তিনিচুকীয়া, 24 আগষ্ট : মাৰ্ঘেৰিটা মহকুমাৰ লগতে লিডুৰ বিভিন্ন অঞ্চলত বহু দিনৰ পৰা চোৰৰ এটা দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । কিন্তু দেওবাৰৰ দিন বেয়া আছিল চোৰৰ দলটোৰ। চুৰি কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰি ৰাইজৰ ৰোষত পৰে চোৰৰ দলটো ।

দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰকেইটাৰ এটাক ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে । স্থানীয় লোকে আটক কৰা চোৰটো লিডু ঝৰ্ণাবস্তি নিবাসী চবিৰ আহমেদ চোনা (২০) বুলি জানিব পৰা হৈছে ৷ চবিৰৰ বিৰুদ্ধে পূৰ্বেও চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগত কেইবাটাও গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে ।

অৱশ্যে চবিৰক ৰাইজে কৰায়ত্ত কৰে যদিও গেদা নামৰ আন এটা চোৰ পলাবলৈ সক্ষম হয় ।

ইতিমধ্যে আটকাধীন চোৰটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭/৩৮০ ধাৰাৰ অধীনত মাৰ্ঘেৰিটা থানাত ১২৪/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : চোৰৰ ঘাটি উচ্ছেদ কৰিমগঞ্জ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.