ডুমডুমা,13 জুনঃ বাঘজানৰ তৈলখাদত অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত মঙলবাৰে উপস্থিত হয় আলফা নেতা জিতেন দত্ত। যেতিয়ালৈকে অইলে নিৰাপত্তাৰ দিশটো ১০০ শতাংশ সু-নিশ্চিত কৰিব নোৱাৰে তেতিয়ালৈকে বাঘজান অঞ্চলত অইলক খনন কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে আলফা নেতাগৰাকীয়ে । ইফালে,ক্ষতিগ্ৰস্ত প্ৰতিঘৰ পৰিয়ালৰ একোজনকৈ যুৱকক অইলে চাকৰি দিব লাগিব বুলিও উল্লেখ কৰে জিতেন দত্তই ।
উল্লেখ্য যে,আলোচনাপন্থী আলফা নেতাগৰাকী 'কা' আন্দোলনৰ সময়ত সৰৱ হৈ উঠিছিল ৷ দুটাকৈ গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল 'কা' আন্দোলনৰ সময়ত ৷ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে,বাঘজান কাণ্ডক লৈও সৰৱ হৈ উঠিছে আলফা নেতা জিতেন দত্ত ৷
লগতে পঢ়কঃ অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই তৈলখাদত বিস্ফোৰণঃ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া