ETV Bharat / state

ফিল'বাৰীত কিশোৰী অপহৰণৰ চাঞ্চল্যকৰ ঘটনা

author img

By

Published : Aug 6, 2020, 6:22 PM IST

পকা মিস্ত্ৰি কাম কৰা আব্দুল নুৰ নামৰ এজন লোকে ফিল'বাৰী বৰগাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰীক বুধবাৰে নিশা প্ৰায় 3বজাত চকুত কাপোৰ বান্ধি, মুখত সোপা দি অপহৰণ কৰি নিয়ে ৷

The abduction of a girl in Tinsukia's phillobari
তিনিচুকীয়াৰ ফিল'বাৰীত কিশোৰী অপহৰণৰ চাঞ্চল্যকৰ ঘটনা

ডুমডুমা, 6 আগষ্টঃ ৰাজ্যত কৰ'ণাৰ আতংকৰ মাজতে সংঘটিত হৈছে অপহৰণ কাণ্ড ৷ তিনিচুকীয়াৰ ফিল'বাৰীত সংঘটিত কিশোৰী অপহৰণ কাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অভিযোগ অনুসৰি,পকামিস্ত্ৰি কাম কৰা আব্দুল নুৰ নামৰ এজন লোকে ফিল'বাৰী বৰগাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰীক বুধবাৰে নিশা প্ৰায় 3 বজাত বাহিৰলৈ মাতি এখন কাৰত উঠাই চকুত কাপোৰ বান্ধি, মুখত সোপা দি অপহৰণ কৰি নিয়ে ৷ ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ফিল'বাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ইপিনে, অপহৰণৰ পিছতে কিশোৰীগৰাকীয়ে পিতৃলৈ ফোন কৰি কোনো এক ঘন জংঘলৰ মাজত এটা পকী ঘৰত বন্ধ কৰি ৰখাৰ কথা অৱগত কৰে ৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কিশোৰীগৰাকীৰ লগত থকা ম'বাইল ফোনৰ অৱস্থান অনুসৰণ কৰি ফিল'বাৰীস্থিত গড়কাপ্তানি বিভাগৰ জহি-খহি যোৱা এটা গৃহৰ সমীপৰ পৰা আজি পুৱা ১০ বজাত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও অপহৰণ কাণ্ডৰ মূল অভিযুক্ত আব্দুল নুৰক 42/2020 নম্বৰত গোচৰ ৰুজু কৰি আটক কৰে আৰক্ষীয়ে ৷

আনহাতে, ফিল'বাৰী আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰোৱাৰ লগতে অপহৰণ কাণ্ডৰ মূল অভিযুক্ত আব্দুল নুৰক ঘটনা সন্দৰ্ভত সোধা-পোচা অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃসীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.