কাকপথাৰ, 7 এপ্ৰিলঃ মঙলবাৰে টঙনা গাঁও পঞ্চায়তত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী প্ৰতিবাদ । প্ৰতিবাদৰ মাজতো সামাজিক দুৰত্বৰ কথা পাহৰি ন'গল চাহ বাগানৰ শ্ৰমিক সকলে । প্ৰাসাশনে মানি চলিবলৈ দিয়া সামাজিক দূৰত্ব বৰ্তাই ৰাখিয়েই প্ৰতিবাদত বহিল চাহ বাগানৰ শ্ৰমিক সকল । যি সময়ত চহৰাঞ্চলৰ একাংশ ভদ্ৰ সমাজৰ লোকে দৈনন্দিন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ নামত বহু সময়ত হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে, তেনে সময়তে ভদ্ৰ তথা শিক্ষিত সমাজৰ বাবে এক নিদৰ্শন স্বৰূপ হৈ পৰিছে এই চাহ শ্ৰমিক সকল ।
উল্লেখ্য যে, চৰকাৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়াল সমূহৰ বাবে ঘোষণা কৰা আঁচনিত অনিয়মৰ অভিযোগ । মঙলবাৰে ডুমডুমা সমষ্টিৰ অন্তৰ্গত টঙনা গাঁও পঞ্চায়তৰ ৫ নং আৰু ৬ নং ৱাৰ্ডৰ সদস্য ক্ৰমে, ইলিয়াচ লাকৰা আৰু তাৰাপতি তাঁতীয়ে তেওঁলোকৰ ৱাৰ্ডৰ দৰিদ্ৰ পৰিয়ালৰ পৰিৱৰ্তে নিজৰ ঘনিষ্ঠ সকলৰ নাম আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰি, ধন বিতৰণ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । ফলত শতাধিক চাহ শ্ৰমিকে পঞ্চায়তৰ সভাপতিৰ ঘৰ ঘেৰাও কৰিবলৈ যোৱাৰ পথত, আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । পৰৱৰ্তী সময়ত টঙনা চাহ বাগিছাৰ এখন খেল পথাৰত এক গোট হৈ শ্ৰমিক সকলে বিভিন্ন অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।ত
লগতে পঢ়কঃ শিলচৰ ৰে’ল ষ্টেছন ৰূপান্তৰিত Covid 19 চিকিৎসালয়লৈ