শদিয়া, 10 মে' : লক্ ডাউনৰ বাবে তামিলনাডুত আৱদ্ধ হৈ থকা যুৱক-যুৱতীক অসমৰ পৰাই খাদ্যৰ যোগান ধৰিলে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ 45 জনীয়া এটা শ্ৰমিকৰ দলক বিভিন্ন ধৰণৰ খাদ্যৰ যোগান ধৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখযোগ্য যে, তামিলনাডুত কৰ্মৰত হৈ থকা শ্ৰমিকৰ দলটোৱে লক্ ডাউনৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাই তীব্ৰ আৰ্থিক সংকটত ভুগিছিল ৷ পৰৱৰ্তী সময়ত শ্ৰমিকৰ দলটোৱে ৰাজ্যৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ লগত যোগাযোগ কৰিছিল যদিও কোনো সঁহাৰি নিদিয়াৰ অভিযোগ শ্ৰমিকৰ দলটোৰ ৷
উপায়ন্তৰ হৈ তিনিচুকীয়া ডিৰাকৰ বৰ্তমান তামিলনাডুত আবদ্ধ হৈ থকা পংকজ বৰুৱাই প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ লগত যোগাযোগ কৰাত সহায়ৰ হাত আগবঢ়াই শ্ৰমিকৰ দলটোলৈ ৷
মন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ ব্যৱসায়ীৰ লগত যোগাযোগ কৰি ব্যৱসায়ী জনৰ একাউন্টত ধন জমা কৰি আৱদ্ধ যুৱক-যুৱতী সকলৰ বাবে চাউল, দাইলকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷
শ্ৰমিক সকলক মন্ত্ৰী গৰাকীয়ে দেখুওৱা এনে মহানুভৱতাক শলাগিছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক : ৰেচনকাৰ্ডৰ উপভোক্তাই কেনেকৈ পালে আৰ্থিক সাহায্য !