ETV Bharat / state

শাৰীৰিক বাধা নেওচি দুৰন্ত ৰূপত ফিল'বাৰীৰ প্ৰিয়ংকা

author img

By

Published : Feb 26, 2020, 9:16 AM IST

এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী ৷ চকুত অলেখ সপোন ৷ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি জীৱন যুঁজত অগ্ৰসৰ হৈছে ফিল'বাৰীৰ প্ৰিয়ংকা দাস ৷

talented specially able girl from phillobari
শাৰীৰিক প্ৰতিবন্ধকতা নেওচি দুৰন্ত ৰূপত ফিল'বাৰীৰ প্ৰিয়ংকা

ডুমডুমা,26ফেব্ৰুৱাৰীঃ "শাৰিৰীৰিক প্ৰতিবন্ধকতা জীৱন জিনাৰ বাটত হেঙাৰ হ'ব নোৱাৰে" এইকথাকে যেন প্ৰমাণ কৰিছে ফিল'বাৰীৰ প্ৰিয়ংকা দাসে ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ শীতলপুৰ টিংখাং গাঁৱৰ এগৰাকী মুকবধিৰ যুৱতী প্ৰিয়ংকা দাস ৷ এগৰাকী নাৰ্চ হোৱাৰ প্ৰৱল হেঁপাহ প্ৰিয়ংকাৰ ৷ প্ৰিয়ংকাৰ মন নাৰ্চ হৈ ৰোগীক পৰিচৰ্যা কৰাৰ ৷ ফিল'বাৰী টিংখাং গাঁৱৰ খেতিয়ক বিকাশ দাস আৰু মনুমতী দাসৰ কন্যা প্ৰিয়ংকা দাস । প্ৰিয়ংকাই মুখেৰে কথা ক'ব নোৱাৰে আৰু কানেৰেও নুশুনে । কিন্তু এই প্ৰতিবন্ধকতা প্ৰিয়ংকাৰ বাবে হেঙাৰ হোৱা নাই । এইবছৰ হাইস্কুল ‌শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী প্ৰিয়ংকা দাস । প্ৰিয়ংকাৰ হাতত আছে মায়াবী যাদু, যেন হাতৰ আখৰ নহয় কোনো প্ৰিন্টাৰৰ পৰা প্ৰিন্ট হৈ আহিছে ইংৰাজী আখৰৰ মালা । অসমীয়া আখৰো অতি সুন্দৰ আৰু পৰিস্কাৰ । ফ্ৰেবিকেৰে কাপোৰত সুন্দৰকৈ আঁকিব পাৰে ছবি । মাকক ঘৰুৱা প্ৰতিটো কামত নিয়াৰিকৈ সহায় কৰে প্ৰিয়ংকাই । ঘৰত থকা চাহ বাগিছাখনতো সময়-সময়ে কেঁচা চাহপাত চিঙাৰ লগতে তাঁতশালতো মাজে সময়ে কাপোৰ বয় প্ৰিয়ংকাই ৷

কেঁচা শাক-পাচলিৰ ব্যৱসায় কৰি পিতৃ বিকাশ দাসে কোনোমতে ঘৰখন চলাই গৈছে । ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত প্ৰিয়ংকাক প্ৰত্যাহ্বান হিচাপে লৈ শিক্ষা প্ৰদান কৰি আহিছে শিক্ষাগুৰুসকলে । প্ৰিয়ংকাৰ আত্ম-বিশ্বাস আৰু চেষ্টাক বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে শলাগ লৈছে । শাৰীৰিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ প্ৰিয়ংকাক শিক্ষা প্ৰদান কৰি আহিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ প্ৰিয়ংকাৰ পৰা এতিয়া এক ভাল ফলাফলৰ আশা কৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে ।

লগতে পঢ়কঃঅসমীয়া যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.