ETV Bharat / state

মাৰ্ঘেৰিটাত চিংফৌ সকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় - মাৰ্ঘেৰিটাৰ ইনথেম

লোকে লোকাৰণ্য় মাৰ্ঘেৰিটাৰ ইনথেমত অনুষ্ঠিত চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয়স্থলী । স্বকীয় সাজপাৰ পৰিহিত জনগোষ্ঠীটোৰ নৃত্য-গীতৰ সমাহাৰেৰে অনুষ্ঠিত এই উৎসৱ ।

মাৰ্ঘেৰিটাত স্বপং য়ং মানাও পয়
মাৰ্ঘেৰিটাত স্বপং য়ং মানাও পয়
author img

By

Published : Feb 13, 2021, 8:44 PM IST

মাৰ্ঘেৰিটা, ১৩ ফেব্ৰুৱাৰী: উখল-মাখল তিনিতুকীয়া জিলাৰ মাৰ্ঘেৰিটা । নৃত্য-গীতৰ সমাহাৰেৰে অনুষ্ঠিত চিংফৌসকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় । উত্তৰ-পূৱৰ অন্যতম সুসংঠিত-বৰ্ণময়-ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয় ৷ শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ইনথেম মুংগং বৌদ্ধ বিহাৰ প্ৰাংগণত উদযাপন কৰা হৈছে ৩৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় ৷

স্বপং য়ং মানাও পয়ত অসম-অৰুণাচলৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব । অসম-অৰুণাচলৰ পৰা অহা চিংফৌসকলৰ আগমনে সমাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোভক অধিক শক্তিশালী কৰি তুলিছে । প্ৰায় ২৫ লাখ টকাৰ বাজেটেৰে এই উৎসৱটি অনুষ্ঠিত কৰা হৈছে ।

মাৰ্ঘেৰিটাত চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয়

চিংফৌ সকলৰ পিতৃপুৰুষ স্বপং য়ঙক কেন্দ্ৰ কৰিয়ে এই উৎসৱ পালন কৰা হয় । উল্লেখ্য যে, ১৯৮৫ চনৰ পৰা অসম-অৰুণাচল প্ৰদেশৰ দুয়োখন ৰাজ্যৰ চিংফৌ জনগোষ্ঠীয় ৰাইজে তেওঁলোকৰ জাতীয় উৎসৱটি অতি উলহ-মালহেৰে উদযাপন কৰি আহিছে । চিংফৌসকলে ধনেশ পক্ষীক জাতীয় পক্ষী হিচাপে গণ্য কৰে । সেইবাবেই শ্বাদুংৰূপী দণ্ডকেইডাল ধনেশ চৰাইৰ ওপৰত সৌগৰৱে থিয় হৈ চিংফৌ জনগোষ্ঠীৰ আত্মগৌৰৱ, আত্মস্বাভিমান, আত্মমৰ্যাদা ৰক্ষাৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে ।

লগতে পঢ়ক:নতুন ভৱনত বিধানসভা অধিৱেশনৰ অন্তিম দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.