ETV Bharat / state

ঘন জংঘলত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ তিনিচুকীয়াৰ নাবালিকাৰ মৃতদেহ

শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা তিনিচুকীয়াৰ কাকপথাৰৰ নাবালিকাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল ৷ ঘন জংঘলত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকা গৰাকীৰ মৃতদেহ ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ ৰাইজৰ ৷

Susspeted Minor Girl Dead Body Recoverd In Tinsukiya kakopathr
ঘন জংঘলত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ তিনিচুকীয়াৰ নাবালিকাৰ মৃতদেহ
author img

By

Published : Sep 14, 2020, 5:34 PM IST

তিনচুকীয়া, 14 ছেপ্তেম্বৰ : অৱশেষত কাকপথাৰত মূণ্ডহীন অৰ্ধ উলংগ অৱস্থাত ডুমডুমা বনাঞ্চলৰ গভীৰ জংঘলত উদ্ধাৰ কৰা হয় সন্ধানহীন হৈ থকা নাবলিকাৰ মৃতদেহ ৷ ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ দলৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাবালিকা গৰাকীক ৷ ঘন বনাঞ্চলত ক্ষত-বিক্ষত,মুণ্ডহীন আৰু অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকা গৰাকীক ৷

ঘন জংঘলত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ তিনিচুকীয়াৰ নাবালিকাৰ মৃতদেহ

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাৰ হুলুং লাইনৰ পৰা নাবালিকা গৰাকী শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ অঞ্চলটোত ৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক ঘৰৰ ওচৰৰে বাদনা গোৱালা নামৰ যুৱকজনে কাষৰ ডুমডুমা বনাঞ্চললৈ নি বলাৎকাৰ কৰি হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছিল ৷

ঘটনাৰ পিচতে অভিযুক্ত বাদনা গোৱালক আৰক্ষীয়ে আটক কৰি সোধ পোচ অব্যাহত ৰাখিছিল ৷ অভিযুক্তই কিশোৰী গৰাকীক হত্যা কৰিছে বুলি আৰক্ষীক অৱগত কৰিছে যদিও বলাৎকাৰ কৰি হত্যা কৰাৰ বিষয়টো স্পৰ্ষ্টকৈ প্ৰকাশ কৰা নাছিল ৷

ইফালে,বাদনা গুৱালাৰ স্বীকাৰৰ ভিত্তিত টঙনা-বৰডুমচা আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ এটা বৃহৎ দলে দেওবাৰে ডুমডুমা বনাঞ্চলত দিনজোৰা অভিযান চলাই যদিও নাবালিকা গৰাকীৰ কোনো সুং-সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷

ইফালে,ঘটনাৰ প্ৰায় তিনিদিন পিচত নাবালিকা গৰাকীৰ মৃতদেহ ঘন বনাঞ্চলত উদ্ধাৰ কৰা হয় নাবালিকা গৰাকীৰ মৃতদেহ ৷ উল্লেখ্য যে,হত্যাকাণ্ডৰ লগত আৰু কোনোবা জড়িত আছে নেকি সেইয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব দিয়ে ৷

লগতে পঢ়ক : ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.