ETV Bharat / state

ডুমডুমাত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

মংগলবাৰে তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ককৰাতলিত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ আত্মহননৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত ।

SUICIDE CASE AT DUMDUMA
ডুমডুমাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
author img

By

Published : May 12, 2021, 10:25 AM IST

ডুমডুমা, ১২ মে': তিনিচুকীয়া জিলাৰ তালাপৰ আৰক্ষী চকীৰ অন্তৰ্গত ককৰাতলি মঙলবাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । ঘটনাস্থলীত তালাপ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ৩৪ বছৰীয়া যুৱকজনৰ মৃতদেহ । যুৱকজন ককৰাতলিৰ অধিৰ দেৱনাথৰ পুত্ৰ বিজু দেৱনাথ বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, পৰিয়ালৰ লোকৰ সকলো সদস্যই পুৱাই মহামাৰী কৰ'ণা প্ৰতিষেধক গ্ৰহণ কৰিবলৈ গৈছিল । সেই ছেগতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ দুৱাৰত চিপ লৈ আত্মহত্যাৰ পথ বাছি লয় যুৱকজনে ।

অৱশ্যে বৰ্তমানো যুৱকজনৰ আত্মহননৰ কাৰণ জানিব পৰা হোৱা নাই ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াৰ তালাপ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে যুৱকজনৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মঙলবাৰে নলবাৰীত ২১৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.