ETV Bharat / state

দিহিং পাটকাইক ৰক্ষাৰ দাবী মাৰ্ঘেৰিটাৰ বিভিন্ন দল সংগঠনৰ

author img

By

Published : May 20, 2020, 3:06 PM IST

যদিহে চৰকাৰে এই সিদ্ধান্তক পুনৰ বিবেচনা নকৰে তেন্তে এদিন দিহিং পাটকাইয়ে নিৰৱে নিশব্দে চকুলো টুকিব বুলি মন্তব্য কৰিছে প্ৰকৃতি প্ৰেমী ৰাইজে ৷ অতি সোনকালে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে ৷

Student union demand for save dihing patkai at Margherita
দিহিং পাটকাইক ৰক্ষাৰ দাবী মাৰ্ঘেৰিটাৰ বিভিন্ন দল সংগঠনৰ

মাৰ্ঘেৰিটা, 20 মে': কেন্দ্ৰীয় চৰকাৰে পূৱৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খনৰৰ অনুমতি প্ৰদান কৰাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত গণ আন্দোলন গঢ়ি উঠাৰ সমান্তৰালকৈ জাঙুৰ খাই উঠিছে নাহৰকটীয়াৰ প্ৰকৃতিপ্ৰেমী সকলৰ লগতে বিভিন্ন দল সংগঠন ৷ যি সময়ত দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ বাবে চৰকাৰ তথা পৰ্য্যটন বিভাগে শ শ কোটি টকা খৰচ কৰি জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ অনুষ্ঠিত কৰি আহিছে, তেনে সময়তে অভয়াৰণ্যখনৰ ভিতৰ চ'ৰাৰ অৱস্থা দেখি প্ৰকৃতি প্ৰেমী সকল হতাশাত ভোগাৰ লগতে চৰকাৰে লোৱা কয়লাৰ মুক্ত খননৰ হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সকলোৱে । যদিহে চৰকাৰে এই সিদ্ধান্তক পুনৰ বিবেচনা নকৰে তেন্তে এদিন দিহিং পাটকাইয়ে নিৰৱে নিশব্দে চকুলো টুকিব বুলি মন্তব্য কৰিছে প্ৰকৃতি প্ৰেমী ৰাইজে ৷ অতি সোনকালে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে ৷

উল্লেখ্য যে, 2004 চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰা এই অভয়াৰণ্য খনত আছে 40 টাতকৈ অধিক স্তন্যপায়ী জীৱ, 300 প্ৰজাতিৰ পক্ষী, 35টা প্ৰজাতিৰ মাছ, 40 টাতকৈ অধিক সৰীসৃপ প্ৰজাতি, 7টা প্ৰজাতিৰ মেকুৰী, 132 টা প্ৰজাতিৰ পখিলা, ভালুক, বন গাহৰি, বিলুপ্তপ্ৰায় হলৌ বান্দৰ, বিভিন্ন প্ৰজাতিৰ শুকাঠি গছ লটিকা আৰু 108 টা প্ৰজাতিৰ অৰ্কিড ৷ এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন চিৰসেউজীয়া বনাঞ্চলৰ বাবে ইয়াক 2004 চনৰ 13 জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ 111.19 বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰাৰ পিছত অসমৰ প্ৰথম খন বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰে জয়পুৰ বৰ্ষাৰণ্যই ৷

কিন্তু অৰ্কমন্য বন বিভাগৰ বাবেই দেশী বিদেশী পৰ্যটকে ভিৰ কৰা এইখন অভয়াৰণ্য খনত বিভিন্ন সময়ত একাংশ দুষ্কৃতিকাৰীয়ে সহজ ধনৰ লালসাত ডিগবৈ বন সংমণ্ডল আৰু জয়পুৰ বন সংমণ্ডলৰ অধীনৰ চৰাইপুঙ, শুকানজুৰি, নামচাং আৰু দিল্লী ঘাট অঞ্চলত মূল্যবান গছ গছনি কাটি তহিলং কৰি আহিছে ৷ এই সমূহ দুষ্কৃতিকাৰীক নাকি লগাব নোৱাৰা চৰকাৰে পুনৰ ভূতৰ ওপৰত দানহ পৰাদি এই অভয়াৰণ্য খনত কয়লাৰ মুক্ত খনন কৰিব দিয়া কাৰ্য্যক জাঙুৰ খাই উঠিছে আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন ৷

লগতে পঢ়কঃ আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা ! উৰিষ্যাত 1 লাখৰো অধিক লোকক স্থানান্তৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.