ETV Bharat / state

কাকপথাৰত ধৰ্ষণৰ অভিযোগত অভিযুক্ত ছাত্ৰ নেতা

author img

By

Published : Dec 28, 2020, 12:47 PM IST

কাকপথাৰত ছাত্ৰ নেতাৰ বিৰুদ্ধে বিবাহিতা মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ ৷ কাকপথাৰ ডিৰাকৰ এগৰাকী মহিলাৰ এই অভিযোগ ৷ বৰডুমছা আৰক্ষীত থানাত এজাহাৰ দাখিল ৷ অভিযুক্ত ছাত্ৰনেতা গৰাকী পলাতক হৈ থকাৰ অভিযোগ ৷

student leader accused of attempting rape with a woman in kakopathar
কাকপথাৰত ধৰ্ষণৰ অভিযোগত অভিযুক্ত ছাত্ৰ নেতা

শদিয়া, 28 ডিচেম্বৰ: কাকপথাৰত এগৰাকী বিবাহিতা মহিলাই এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ টাই আহোম ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়াৰ বিৰুদ্ধে মহিলা গৰাকীয়ে এই অভিযোগ উত্থাপন কৰিছে ৷

অভিযুক্ত ছাত্ৰনেতা গৰাকী পলাতক হৈ থকাৰ অভিযোগ

ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ইতিমধ্যে বৰডুমচা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত 69/2020 u/s 354(b), 325, 506 নম্বৰত এক গোচৰ ৰুজু কৰি বৰডুমচা আৰক্ষীয়ে ছাত্ৰ নেতাজনৰ সন্ধানত নামি পৰিছে যদিও অভিযুক্ত ছাত্ৰ নেতা গৰাকী বৰ্তমানেও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷

অভিযোগ অনুসৰি 23 ডিচেম্বৰত মহিলা গৰাকীয়ে ন-খোৱাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে এগৰাকী লগৰীয়াৰ ঘৰত গৈছিল ৷ নিশা মহিলা গৰাকী বাহিৰলৈ ওলাই আহোতে আগৰে পৰা অপেক্ষা কৰি থকা ব্যক্তি জনে ধৰ্ষণৰ অপচেষ্টা চলায় ৷ মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত অভিযুক্ত ব্যক্তি জনে মহিলা গৰাকীক মাৰপিট কৰি অচেতন কৰি পলায়ন কৰে ৷

মহিলা গৰাকীয়ে অভিযোগ কৰে যে, পূৰ্বৰে পৰা এই ছাত্ৰ নেতা গৰাকীয়ে ঘৰৰ পৰিয়ালৰ সদস্যৰ লগতে মহিলা গৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে বহুবাৰ গাড়ীৰে খুন্দিওৱাৰ চেষ্টা কৰিছে ৷
লগতে পঢ়ক:কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.