নিউজ ডেস্ক, 8 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি মধ্যাহ্ন ভোজনক লৈ চলি থকা আন্দোলনৰ মাজতে তিনিচুকীয়াত মধ্যাহ্ন ভোজন খাই অসুস্থ 48 গৰাকী ছাত্ৰ-ছাত্ৰী ৷ শুকুৰবাৰে তিনিচুকীয়াৰ বৰুৱাহোলা উচ্চ ইংৰাজী বিদ্যালয়ত মধ্যাহ্ন ভোজন খোৱাৰ পাছতে অসুস্থ হৈ পৰে বিদ্যালয়খনৰ 48 গৰাকী ছাত্ৰ-ছাত্ৰী ৷ ততাতৈয়াকৈ অসুস্থ ছাত্ৰ-ছাত্ৰী সকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি প্ৰেৰণ কৰে বিদ্যালয়ৰ শিক্ষকসকলে ৷ অৱশ্যে বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ সুস্থ বুলি জনাইছে চিকিৎসকে ৷ উল্লেখ্য যে, ঘনশ্যাম সেৱা সমিতি নামৰ NGO টোৱে বিদ্যালয়খনত মধ্যাহ্ন ভোজন যোগান ধৰিছিল ৷ NGO টোৱে নিম্নমানৰ খাদ্য যোগান ধৰাৰ বাবেই এইদৰে ছাত্ৰ-ছাত্ৰীসকল অসুস্থ হৈ পৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পিছত তিনিচুকীয়াৰ কেইবাটাও দল সংগঠনে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনক লৈ খেলা নকৰিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিয়ে ৷
ইফালে লক্ষীমপুৰতো মধ্যাহ্ন ভোজন খোৱাৰ পাছতে অসুস্থ হৈ পৰে 5 জনকৈ ছাত্ৰ-ছাত্ৰী ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কিয়নো ৰাজ্যত মধ্যাহ্ন ভোজনক লৈ অব্যাহত থকা প্ৰতিবাদৰ মাজতে এই ঘটনাই শ’লঠেকত পেলাইছে চৰকাৰক ৷