ETV Bharat / state

Russia Ukraine War: ইউক্ৰেইনত আৱদ্ধ তিনিচুকীয়াৰ ছাত্ৰী ৰাজশ্ৰী বড়ো - Assamese students in Ukraine

যুদ্ধভূমিত পৰিণত ইউক্ৰেইন ৷ তাৰ মাজতে দেশখনত আবদ্ধ হৈ পৰিছে ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমৰো শতাধিক শিক্ষাৰ্থী ৷ প্ৰত্যাৱৰ্তনৰ বাবে শিক্ষাৰ্থীসকলে এই পৰ্যন্ত লাভ কৰা নাই কোনো ব্যৱস্থা (Tinsukia girl confined in Ukraine)৷ তিনিচুকীয়াৰো এগৰাকী ছাত্ৰী আবদ্ধ হৈ আছে ইফক্ৰেইনত ৷ শংকিত ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালবৰ্গই চৰকাৰক ব্য়ৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

Russia Ukraine War
ইউক্ৰেইনত আৱদ্ধ তিনিচুকীয়াৰ ছাত্ৰী ৰাজশ্ৰী বড়ো
author img

By

Published : Feb 25, 2022, 5:28 PM IST

Updated : Feb 25, 2022, 6:01 PM IST

তিনিচুকীয়া, 25 ফেব্ৰুৱাৰী: ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধৰ অৱতাৰণা হোৱাৰ লগেলগে শংকিত হৈ পৰিছে ইউক্ৰেইনত অধ্যয়ণৰত ভাৰত তথা অসমৰ শিক্ষাৰ্থীসকল (Assamese students in Ukraine) ৷ এক চৰকাৰী তথ্য অনুসৰি অসমৰে প্ৰায় 100 গৰাকী শিক্ষাৰ্থী বৰ্তমান আৱদ্ধ হৈ পৰিছে ইউক্ৰেইনত ৷ যাৰ ফলত উদ্বিগ্নতাৰ মাজত আছে শিক্ষাৰ্থীসকলৰ লগতে তেওলোকৰ পৰিয়ালবৰ্গ ৷

তিনিচুকীয়া জিলাৰ ডিগবৈৰ ছাত্ৰী ৰাজশ্ৰী বড়োও ইউক্ৰেইনত আৱদ্ধ হৈ পৰিছে (Tinsukia girl confined in Ukraine) ৷ বৃহস্পতিবাৰে সমগ্ৰ নিশাটো ভীতিগ্ৰস্ততাৰ মাজেৰে বাংকাৰতে কটাবলগীয়া হ’ল ৰাজশ্ৰীয়ে । ইউক্ৰেইনত যুদ্ধকালীন পৰিৱেশ সৃষ্টি হোৱাৰ পাছতে তিনিচুকীয়া জিলাৰ ডিগবৈৰ পৰিয়ালটোত এতিয়া হাহাকাৰ লাগিছে । ৰাজশ্ৰীক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে পৰিয়ালে ।

ইউক্ৰেইনত আৱদ্ধ তিনিচুকীয়াৰ ছাত্ৰী ৰাজশ্ৰী বড়ো

উল্লেখ্য যে, যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহত চিকিৎসা বিজ্ঞান অধ্যয়ণ কৰাৰ বাবে ইউক্ৰেইনলৈ গৈছিল ছাত্ৰীগৰাকী । বৰ্তমান ইউক্ৰেইনত বেংক আৰু এ টি এম বন্ধ হৈ থকাত আৰ্থিক সমস্যাতো পৰিছে ৰাজশ্ৰী । যৎপৰোনাস্তি চেষ্টা কৰিও ভাৰতৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিব পৰা নাই ৰাজশ্ৰীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতি এই সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰায় 100 গৰাকী অসমীয়া শিক্ষাৰ্থীয়ে বৰ্তমান যুদ্ধভূমি ইউক্ৰেইনত আবদ্ধ হৈ আছে ৷ এইসকল শিক্ষাৰ্থীক উদ্ধাৰ কৰি অসমলৈ অনাৰ বাবে ইতিমধ্যে যাবতীয় কাম-কাজ আগবঢ়োৱা হৈছে ৷ অসম চৰকাৰৰ ফালৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও আলোচনা কৰা হৈছে ৷

লগতে পঢ়ক: Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ

Last Updated : Feb 25, 2022, 6:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.