তিনিচুকীয়া, 29 জুলাই: দেওবাৰে নিশা ডুমডুমাৰ এগৰাকী লোকৰ ঘৰৰ পৰা চুৰি এখন বাহন ৷ তাৰ পাচতেই সেই ঘটনাৰ বিৰুদ্ধে বাহন খনৰ স্বত্বাধিকাৰীয়ে এখন এজাহাৰ দাখিল কৰিছিল ডুমডুমা আৰক্ষী থানাত ৷ সেই এজাহাৰৰ ভিত্তিত ডুমডুমা আৰু তিনিচুকীয়া সদৰ আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত চুৰি হোৱা AS-23B-3181 নম্বৰৰ বাহন খনৰ সৈতে আটক কৰে এজন অভিযুক্তক ৷
বুধবাৰে অভিযুক্ত জনক আৰক্ষীয়ে আটক কৰে কাকপথাৰৰ পৰা ৷ আৰক্ষীয়ে কৰা জেৰাত আটকাধীন অভিযুক্ত জনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়াৰ চনু ডেম্পৰ পৰা উদ্ধাৰ কৰে বাহনখন ৷ ইতিমধ্যেই বাহন খন বিক্ৰী কৰিছিল অভিযুক্ত চোৰজনে ৷ অভিযুক্ত লোকজনে বিক্ৰী কৰাৰ আগতে সলনি কৰিছিল গাড়ীখনৰ নম্বৰ প্লেট ৷ বিগত দিনসমূহতো চুৰি বাহন ক্ৰয় কৰি চনু ডেম্পে বেহা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক: হোজাই চহৰৰ মাজমজিয়াত দিন ডকাইত