ETV Bharat / state

তিনিচুকীয়াত ভুৱা পৰিচয়েৰে একাংশ লোকে দালালি কাৰ্য চলোৱাৰ অভিযোগ - ৱেব পৰ্টেল

তিনিচুকীয়াৰ স্থানীয় সাংবাদিক সন্তোষ ফুকনৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন ৷ উক্ত বিষয়ক কেন্দ্ৰ কৰি জিলাখনৰ সাংবাদিকসকলৰ সংবাদমেল সম্বোধন ৷

Allegations against Timnisakia journalist  তিনিচুকীয়া সাংবাদিক সন্তোষ ফুকনৰ বিৰুদ্ধে ভূৱা অভিযোগ
তিনিচুকীয়া সাংবাদিক সন্তোষ ফুকনৰ বিৰুদ্ধে ভূৱা অভিযোগ
author img

By

Published : Aug 7, 2021, 9:33 AM IST

তিনিচুকীয়া, 7 আগষ্ট : এটা নিউজ প'ৰ্টেলে এখন বাতৰি কাকতৰ এগৰাকী সাংবাদিকৰ বিৰুদ্ধে মনে সজা আৰু উদ্দেশ্য প্ৰণোদিতভাৱে বাতৰি পৰিৱেশন কৰাক কেন্দ্ৰ কৰি তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই বিষয়ত তিনিচুকীয়াৰ সাংবাদিক সন্তোষ ফুকনে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত সাংবাদিক ফুকনে সদৰী কৰা মতে, নিউজ ৱেব প’ৰ্টেলটোৱে পৰিৱেশন কৰা এটা বাতৰিত ব্যৱসায়ী বাবুল পুৰকায়স্থই সন্তোষ ফুকনৰ বিৰুদ্ধে কেইবাটাও মিছা অভিযোগ উত্থাপন কৰে ।

এই ঘটনা যোৱা 4 আগষ্টৰ । তিনিচুকীয়া জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ সন্মুখত এটা ৱেব প'ৰ্টেলৰ পৰিচয় পত্ৰলৈ এগৰাকী লোকে বহুদিনৰ আগৰ পৰা গাড়ীত Press লিখি দলিলৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল । এই ঘটনা পোহৰলৈ অহাত উক্ত স্থানত উপস্থিত হৈছিল জিলাখনৰ স্থানীয় সাংবাদিক ৷ সাংবাদিকসকলে ঘটনাৰ বিৱৰণী জানিব বিচাৰি উপস্থিত লোকগৰাকীক সোধ-পোচ কৰাত ব্যক্তিগৰাকীয়ে নিউজ প'ৰ্টেলটোৰ স্বত্বাধিকাৰী বাবুল পুৰকায়স্থই তেওঁক Program Coordinator হিচাপে নিযুক্তি প্ৰদান কৰা বুলি মন্তব্য কৰে ।

বৰ্তমান ব্যক্তিগৰাকীয়ে দায়িত্ব পালন নকৰি গাড়ীত Press লিখি তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত দলিল বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ।

তিনিচুকীয়াৰ সাংবাদিক সন্তোষ ফুকনৰ বিৰুদ্ধে ভূৱা অভিযোগ

এই বিষয়ে তথ্য লাভ কৰাৰ পাচতে কেইবাটাও সংবাদ মাধ্যমত যোৱা ৪ আগষ্টত এক বাতৰি সম্প্ৰচাৰিত হয় । যাক লৈ সমগ্ৰ তিনিচুকীয়া জিলাতে বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পাচতে বৃহস্পতিবাৰে আন এটা ৱেব প’ৰ্টেলত বাবুল পুৰকায়স্থই তিনিচুকীয়াৰ সাংবাদিক সন্তোষ ফুকন আৰু আন কেইবাজনো সাংবাদিকক উদ্দেশ্য কৰি বিস্ফোৰক মন্তব্য আগবঢ়ায় । ৱেব প’ৰ্টেলটোৰ স্বত্বাধিকাৰী বাবুল পুৰকায়স্থই সন্তোষ ফুকনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰে ৷

বাবুল পুৰকায়স্থই কয় যে, সাংবাদিক সন্তোষ ফুকনে তিনিচুকীয়াৰ গুইজানত সুৰা উপলব্ধ হোটেল খুলি ব্যৱসায় কৰি আহিছে । তদুপৰি তেওঁ নাৰী দেহ ব্যৱসায়ৰ লগতো জড়িত ৷ সন্তোষ ফুকন বহু সম্পত্তিৰ অধিকাৰী বুলি অভিযোগ উত্থাপিত কৰি বাবুল পুৰকায়স্থই আন বহু সাংবাদিককো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

এই সন্দৰ্ভত শুকুৰবাৰে তিনিচুকীয়া বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ত সন্তোষ ফুকন আৰু স্থানীয় সাংবাদিক প্ৰেমানন্দ দাসে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাটো সদৰী কৰে । সংবাদমেলখনত বাবুল পুৰকায়স্থৰ এনে মন্তব্যক গৰিহণা জনোৱাৰ লগতে ইতিমধ্যে দিয়া ভুৱা অভিযোগসমূহ সোনকালে উঠাই ল’বলৈ দাবী উত্থাপন কৰে । "মই কোনো নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত নহয় ৷ মোৰ গুইজানত কোনো ধৰণৰ দোকান নাই ৷ দলিল বিক্ৰী কৰা লোকগৰাকীৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে এইদৰে মোক টাৰ্গেট কৰি লোৱা হৈছে"- সংবাদমেলত এইদৰে কয় সন্তোষ ফুকনে ৷

লগতে পঢ়ক: ৰঙাপৰাৰ যোগীবিলত ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.