তিনিচুকীয়া, ৩০ মাৰ্চ: চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে বন ধ্বংসযজ্ঞ (Deforestation in Assam Forests)। অবাধ বনাঞ্চল ধ্বংস কৰি একাংশই চলাই আছে কাঠৰ চোৰাং বেহা । ৰাজ্য়খনৰ কোনোবাখন জিলাত যদি বন বিভাগৰ চকুৰ সন্মুখতে, আন কৰ'বাত আকৌ বন বিভাগৰ চকুত ধূলি মাৰি চলাই আছে এই অবৈধ বেহা । ইয়াৰ মাজতেই মাকুমত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠৰ কুণ্ডাভৰ্তি এখন ট্ৰাক (Smuggled timber seized in Makum)।
বুধবাৰে নিশা তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ আৰক্ষী আৰু টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ তৎপৰতাত জব্দ কৰা হয় এখন কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক (TAYPA seized smuggled wood in Makum)। নাহৰকটিয়াৰ পৰা ডিগবৈলৈ কাঠৰ কুণ্ডা কঢ়িয়াই অনা AS-23 G-0254 নম্বৰৰ ট্ৰাকখন জব্দ কৰে ৷ ট্ৰাকৰ চালকজনৰ ভাষ্য অনুসৰি, অবৈধ কাঠৰ কুণ্ডাভৰ্তি ট্ৰাকখন নাহৰকটীয়াৰ পৰা ডিগবৈলৈ আনিছিল ৷ এনে সময়তেই আৰক্ষীয়ে মাকুম বেটলিয়ানৰ সমীপত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন ।
জব্দকৃত এই কুণ্ডাভৰ্তি ট্ৰাকখন মাকুম আৰক্ষীয়ে টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত নিশাই জব্দ কৰি ডিগবৈ বন সংমণ্ডলৰ কাৰ্যালয়ত গতাই দিয়ে । পৰৱৰ্তী সময়ত জব্দ কৰা কাঠখিনি সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য় যে ৰাজ্য়ৰ আন জিলাৰ লগতে তিনিচুকীয়াত অব্যাহত চোৰাং কাঠৰ এখন ৰমৰমীয়া বেহা (Timber smuggling in Tinsukia) ৷ জিলাখনত নিতৌ অব্যাহত আছে চোৰাং কাঠৰ লগতে অবৈধ সামগ্ৰীৰ ব্যৱসায় । কাঠ, কয়লা, বালি, খাৰুৱা তেলকে ধৰি কাপোৰ, জোতা আদিৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্য়াহত ৰাখিছে যদিও এনে বেহা চলি থকাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে (Smuggling in Tinsukia)। দল-সংগঠনৰ লগতে ৰাইজে এনে বেহাত জড়িত লোকৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক:Civic action program by CRPF: নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসা সামগ্ৰী বিতৰণ চি আৰ পি এফৰ