তিনিচুকীয়া,10 ডিচেম্বৰ: মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায়(Smuggled coal is rampant in Margherita)৷ আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি তথা প্ৰশাসনীয় নিৰ্লিপ্ততাৰ সুযোগ লৈ অবাধ গতিত একাংশ চক্ৰই চলায় গৈছে কয়লাৰ ব্যৱসায় ৷ যিয়ে সমস্যাত পেলাইছে স্থানীয় ৰাইজক ৷
মাৰ্ঘেৰিটা মহকুমাৰ নামদাং, আৰাধৰা আদি বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে শ শ ট্ৰাক, ডাম্পাৰে মাৰ্ঘেৰিটাৰ ৰাজপথত সৃষ্টি কৰা দৌৰাত্মৰ ফলত নিৰাপত্তাহীনতাত ভোগাইছে স্থানীয় ৰাইজক ৷ আজি এখন চোৰাং কয়লাভৰ্তি ৬ চকীয়া বাহনে নামদাং অঞ্চলৰ পৰা চোৰাং কয়লা কঢ়িয়াই লৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্থ হয় ৷ মাৰ্ঘেৰিটা বৌদ্ধ মন্দিৰৰ সম্মুখৰ ৰাস্তাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে থকা বৈদ্যুতিক খুটাত খুন্দা মাৰি দ’ খাৱৈত সোমাই পৰেগৈ বাহনখন ৷ বাহনখনৰ নম্বৰ AS23 BC9588 বুলি জানিবলৈ পৰা গৈছে ৷
এই ঘটনাত এজন স্থানীয় ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ লগতে সম্পূৰ্ণ অঞ্চলটোত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা ৷ ঘটনা সংঘটিত হোৱাৰ পাছতে নিজৰ জীৱনৰ নিৰাপত্তাৰ বিষয়টো লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ কিয়নো প্ৰতিদিনে নিশা হ’লেই এই চোৰাং কয়লা ভৰ্ত্তি ডাম্পাৰবোৰে এলেকাটোত সৃষ্টি কৰে সন্ত্ৰাসৰ ৷
স্থানীয় ৰাইজে বাৰম্বাৰ উক্ত আৱাসিক পথটিৰে চোৰাং কয়লাভৰ্তি ডাম্পাৰ অহা যোৱাত বাধা প্ৰদান কৰিছে যদিও এই হকা-বাধালৈ কোনো কেৰেপ নাই কয়লা ব্যৱসায়ীৰ ৷ নিতৌ শ শ ডাম্পাৰে সৰবৰাহ কৰি আছে চোৰাং কয়লা ৷ তথাপিও কাণসাৰ নাই আৰক্ষী তথা প্ৰশাসনৰ ৷ উল্লেখযোগ্য যে, বিষয়টো সন্দৰ্ভত ইতিমধ্যে কেইবাবাৰো স্থানীয় সচেতন ৰাইজে আৰক্ষী কিম্বা প্ৰশাসনৰ ওচৰত দ্বাৰস্থ হৈছে যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷
আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ৰাইজকে সমস্যাটোৰ সমাধানৰ বাট মোকলাবলৈ পৰামৰ্শ আগবঢ়াইছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে (Margherita police in Coal Smuggled) ৷
লগতে পঢ়ক: Precious stones missing from Taj Mahal: তাজমহলৰ পৰা প্ৰতিবছৰে নিখোজ হৈছে মূল্যবান শিল