ETV Bharat / state

অইলৰ কাৰিকৰী পদৰ পৰীক্ষাত বিসংগতিৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ আমৰণ অনশন - Oil India

Protest against Oil India: দুলীয়াজান ছাত্ৰ মুক্তিৰ আমৰণ অনশনৰ তিনি দিন পাৰ হোৱা পাছতো গুৰুত্ব নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ । ছাত্ৰ মুক্তিয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

Hunger strike in Duliajan
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:23 PM IST

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

তিনিচুকীয়া, ৮ জানুৱাৰী: অইল ইণ্ডিয়াৰ কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । উল্লেখ্য় যে যোৱা বৰ্ষৰ ২০ অক্টোবৰত ১৮৭ টা কাৰিকৰী পদৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল । এনে অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠনে এই বিসংগতিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু এই বিসংগতিপূৰ্ণ পৰীক্ষা সম্পৰ্কত অইল কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দুলীয়াজান অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ তিনি দিন পাৰ হোৱা পাছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । কাৰিকৰী পদৰ বিসংগতিপূৰ্ণ নিযুক্তি পৰীক্ষাৰ চি বি আইৰ তদন্ত কৰাৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সভাপতি মাধুৰ্য্য বৰুৱাই কয় যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই অইলৰ কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি তদন্ত কৰাৰ লিখিত আশ্বাস নিদিয়া পৰ্যন্ত এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থাকিব ।

উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ পুৰ্বেও নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিলেই উত্থাপন হয় বিসংগতিৰ অভিযোগ । অইলৰ একাংশ শীৰ্ষ বিষয়া আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাই নিজৰ অঙহী বঙহীক অইলত সংস্থাপনৰ চেষ্টা চলোৱা বাবেই এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে । এই প্ৰতিবাদৰ পাছত অইল ইণ্ডিয়া কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 22 জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা, কেবিনেটতো অনুমোদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.