ETV Bharat / state

আছুৰ অধিৱেশন থলীৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবী

author img

By

Published : Nov 21, 2020, 12:56 PM IST

11 মাহে কাৰাবন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবী জনাই আৰু জয় আই অসম ধ্বনিৰে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ তৃতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ কঁপাই তোলে কণ্ঠশিল্পী লোহিত গগৈয়ে ৷

singer-lohit-gogoi-demand-for-release-akhil-gogoi
আছুৰ অধিৱেশন থলীৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবী

তিনিচুকীয়া, 21 নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ তৃতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হয় লোহিত গগৈকে আদি কৰি কেইবাজনো কণ্ঠশিল্পী ৷ গীত পৰিৱেশন কৰি থকাৰ মাজতে কণ্ঠশিল্পী লোহিত গগৈয়ে 11 মাহে কাৰাবন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবী জনোৱাৰ লগতে আৰু জয় আই অসম ধ্বনিৰে মুখৰিত কৰি তোলে অধিৱেশনস্থলী ৷ কন্ঠশিল্পী গৰাকীৰ দাবীক সঁহাৰি জনাই হাত চাপৰি বজাই অনুষ্ঠানত উপস্থিত থকা দৰ্শক সকলেও ৷

উল্লেখ্য যে, কা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি থকাৰ মাজতে বহু কেইটা গোচৰত অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ তেতিয়াৰে পৰা 11 মাহে কাৰাবন্দী হৈ আছে নেতা গৰাকী ৷ অতি দুৰ্ভাগ্যজনক ভাৱে দুদিন পূৰ্বে মহানগৰীৰ এখন ৱালত অখিল গগৈৰ ছবি অংকন কৰাৰ বাবে আৰক্ষীয়ে চিত্ৰ শিল্পী কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে শিল্পী কেইজনক ছবিখন বলপূৰ্বক ভাৱে মচি পেলাবলৈ বাধ্য কৰোৱাইছিল আৰক্ষীয়ে ৷ তাৰ পিছদিনাৰে পৰা আৰু তীব্ৰতৰ ৰূপত সমগ্ৰ অসমতে অখিল গগৈৰ মুক্তিৰ দাবীৰে ৱাল প্ৰেন্টিং কাৰ্যসূচী গ্ৰহণ কৰিছে শিল্পী সকলে ৷ আৰক্ষীয়ে এনেদৰে শিল্পীৰ অংকিত চিত্ৰ মচি পেলালেও মানুহৰ হৃদয়ৰ পৰা যে অখিল গগৈক মচিব নোৱাৰি সেই কথা পুনৰ বাৰ প্ৰমাণ কৰিলে কন্ঠশিল্প লোহিত গগৈয়ে ৷

লগতে পঢ়কঃ ৰতন কছাৰীৰ বিৰুদ্ধে ক্ষুব্ধ কিয় সংগঠনৰ সদস্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.