ETV Bharat / state

ভূ-কম্পন জৰীপে বিপদাপন্ন কৰিছে ফি’লবাৰীৰ ৰাইজৰ জীৱন আৰু সম্পত্তি !

author img

By

Published : Jan 7, 2022, 7:45 PM IST

তিনিচুকীয়াৰ ফিল'বাৰীৰ বিভিন্ন অঞ্চলত ভূ-কম্পন জৰীপ (Seismic exploration experiment in Philobari) ৷ বিপদাপন্ন মানৱ জীৱন আৰু সম্পত্তি ৷ নীৰৱ দৰ্শকৰ ভূমিকাত দল-সংগঠন ৷

seismic-exploration-experiment-in-philobari-is-risking-public-life-and-property
ভূ-কম্পন জৰীপৰ নামত বিপদাপন্ন ফিলবাৰীৰ ৰাইজৰ জীৱন আৰু সম্পত্তি !

তিনিচুকীয়া, 7 জানুৱাৰী : বিগত কিছুদিনৰ পৰা তিনিচুকীয়াৰ ফিল'বাৰীৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত চলি আছে ভূ-কম্পন জৰীপৰ কাম (Seismic exploration experiment in Philobari) । এই জৰীপৰ বাবে কৰিব লগীয়া হৈছে বোমা বিস্ফোৰণ ৷ ইয়াৰ ফলত ইতিমধ্যে ফিল'বাৰীৰ বহু অঞ্চলৰ বাসগৃহসমূহৰ লগতে বিদ্যালয়ৰ পকী খুটা আৰু পকী দেৱালসমূহত মেলিছে ফাঁট ।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি ভূ-কম্পন জৰীপৰ বাবে কাটি তহিলং কৰা হৈছে বহু মূল্যবান গছ-গছনি ৷ আনকি, এই জৰীপৰ বাবেই কৃষিভূমিতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (Seismic exploration effect in Philobari) ৷ কিন্তু, আচৰিত কথা যে, জিলাখনত সদা সৰৱ ভূমিকা পালন কৰি অহা দল-সংগঠন, পৰিৱেশকৰ্মী সকলোৱে এই ক্ষেত্ৰত পালন কৰিছে নীৰৱ দৰ্শকৰ ভূমিকা ৷

ভূ-কম্পন জৰীপে বিপদাপন্ন কৰিছে ফি’লবাৰীৰ ৰাইজৰ জীৱন আৰু সম্পত্তি !

উল্লেখযোগ্য যে, মাত্ৰ এটা বছৰ পূৰ্বে ফিল’বাৰীৰ পৰা মাত্ৰ কেইটামান কিলোমিটাৰ নিলগৰ বাঘজানত অইল কৰ্তৃপক্ষৰ ভুলৰ বাবেই বিপদাপন্ন হৈছিল মানুহৰ জীৱন আৰু সম্পত্তি (Baghjan fire incident) ৷

পুনৰবাৰ এতিয়া ফিল’বাৰীত ভূ-কম্পন জৰীপৰ নামত অন্য এটা ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ আগেয়ে বিহিত ব্যৱস্থা লোৱাৰ আশা কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি জৰীপৰ নামত হোৱা লোকচানৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰো দাবী উঠাইছে ফিল'বাৰীৰ ৰাইজে ৷

লগতে পঢ়ক : New SOP in Assam: কি কি আছে নতুন SOP ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.