শদিয়া, 2 নৱেম্বৰঃ তিনিচুকীয়া ৰঙাজান শিশু বিজ্ঞান সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ২৭সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০১৯ৰ আজি দ্বিতীয় দিনাৰ মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত সভাখনত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্ত ৷ সভাত উপস্থিত 292গৰকী শিশু বিজ্ঞানীৰ লগতে ৰাইজক অন্ধবিশ্বাসৰ পৰা আঁতৰি সকলোকে সজাগ সচেতনতাৰে নিৰ্দিষ্ট পৰ্যায়ত উপনীত হ’বলৈ আহ্বান জনায় ৷ লগতে শিশু বিজ্ঞানীসকলক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷
উল্লেখ্য যে, আজিৰ এই মুকলি সভাখনতেই বিভিন্ন পৰ্যায়ৰ কেইবাখনো আলোচনী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷