ETV Bharat / state

কাকপথাৰত তিনি সংগঠনৰ উদ্যোগত ছেনিটাইজেচনৰ কাৰ্যসুচী - তিনিচুকীয়া

কাকপথাৰৰ সকলো ৰাজহুৱা স্থানত ছেনিটাইজেচন কাৰ্যসুচী তিনিটাকৈ সংগঠনৰ ৷ জিলাখনৰ ৰাইজক কৰ'ণা মহামাৰী সন্দৰ্ভত সজাগ কৰাৰ বাবেও এক কাৰ্যসূচী হাতত লয় ৷

কাকপথাৰত ছেনিটাইজেচন কাৰ্যসুচী তিনিটা সংগঠনৰ
কাকপকাকপথাৰত তিনি সংগঠনৰ উদ্যোগত ছেনিটাইজেচনৰ কাৰ্যসুচীথাৰত ছেনিটাইজেচন কাৰ্যসুচী তিনিটা সংগঠনৰ
author img

By

Published : Jun 18, 2021, 11:04 PM IST

ডিগবৈ,18জুন : শুকুৰবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত ছেনিটাইজেচন কাৰ্যসুচী হাতত লয় তিনিটাকৈ সংগঠনে ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মীলন আৰু টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত এই কাৰ্যসুচী হাতত লোৱা হয় ৷

কাকপথাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলাখনৰ বন বিভাগৰ কাৰ্যালয়, আৰক্ষী থানা, কাকপথাৰ চহৰ, দৈনিক বজাৰ, চিকিৎসালয়, বেংক ইত্যাদি ঠাইত চেনিটাইজ কৰে সংগঠন কেইটাৰ সদস্য সকলে ৷ সংগঠনকেইটাৰ সদস্য সকলে ছেনিটাইজেচন কৰাৰ লগতে কাকপথাৰবাসীক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷

কাকপথাৰত ছেনিটাইজেচন কাৰ্যসুচী তিনিটা সংগঠনৰ
কাকপথাকাকপথাৰত তিনি সংগঠনৰ উদ্যোগত ছেনিটাইজেচনৰ কাৰ্যসুচীৰত ছেনিটাইজেচন কাৰ্যসুচী তিনিটা সংগঠনৰ

উল্লেখ্য যে, ৰাজ্যত মহামাৰী কৰ'ণাই সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে মিনি লকডাউন ৷ ৰাজ্যত বৰ্তমান সময়ত মিনি লকডাউনৰ লগতে বন্ধ আছে আন্ত:জিলা যাতায়ত ব্যৱস্থা ৷ চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজ্যৰ সকলো প্ৰান্ততে কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে ছেনিটাইজেচন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ গাঁওসমূহতো ছেনিটাইজেচন প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে দল-সংগঠন সমূহে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ইপিনে, শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰীৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লগতে ছেনিটাইজেচন কৰাৰ প্ৰক্ৰিয়াক শলাগ জনায় তিনিচুকীয়াবাসীয়ে ৷ জিলাখনৰ ৰাইজক সচেতন কৰাৰ বাবে সংগঠন তিনিটাই গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে সংগঠন তিনিটাৰ সদস্য সকলক ধন্যবাদ জনায় জিলাখনৰ সকলো ৰাইজে ৷

অন্য এক খবৰৰ বাবে: অৱশেষত বাতিল হ’ল HSLC & HS ৰ চূড়ান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.