ETV Bharat / state

পৰ্যটকৰ আৰ্কষণৰ নতুন কেন্দ্ৰ বিন্দু 'কুণ্ডিল পক্ষী' - etv bharat assam

এনে পৰিস্থিতিৰ মাজতো কিছুমান ভাল পদক্ষেপে পৰিৱেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছু আশাৰ ৰেঙণি সঞ্চাৰ কৰে ৷ ইয়াৰে এক উদাহৰণ "সেউজী শদিয়া সেনানী" ৷

পৰ্য্যটনৰ আকৰ্ষণৰ নতুন ঠাই
author img

By

Published : Jul 3, 2019, 2:26 PM IST

Updated : Jul 3, 2019, 2:48 PM IST

তিনিচুকীয়া, 3 জুলাইঃ অবাধ হাৰত বন ধ্বংসৰ লগতে বন্যপ্ৰাণীৰ নিধন যজ্ঞই পৃথিৱীৰ বুকুলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷ এনে পৰিস্থিতিৰ মাজতো কিছুমান ভাল পদক্ষেপে পৰিৱেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছু আশাৰ ৰেঙণি সঞ্চাৰ কৰে ৷ ইয়াৰ এক উদাহৰণ "সেউজী শদিয়া সেনানী" ৷ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী প্ৰদক্ষেপ ল'বলৈ আগবাঢ়ি আহিছে "সেউজী শদিয়া সেনানী" নামৰ প্ৰকৃতি প্ৰেমী সংগঠনটো । শদিয়াৰ কেইগৰাকীমান যুৱকৰ দ্বাৰা গঠন হোৱা সংগঠনটোৰ তত্ত্বাৱধানত পৰ্যটন আৰু পক্ষী সংৰক্ষণৰ গুৰুত্বপূৰ্ণস্থলীলৈ পৰিৱৰ্তিত হৈছে শদিয়াৰ চাপাখোৱা সদৰ পৰা আধা কিলোমিটাৰ নিলগৰ কুণ্ডিল নদীৰ পাৰত থকা এটি জলাশয় ৷

পৰ্য্যটনৰ আকৰ্ষণৰ নতুন ঠাই

তিনিচুকীয়া, 3 জুলাইঃ অবাধ হাৰত বন ধ্বংসৰ লগতে বন্যপ্ৰাণীৰ নিধন যজ্ঞই পৃথিৱীৰ বুকুলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷ এনে পৰিস্থিতিৰ মাজতো কিছুমান ভাল পদক্ষেপে পৰিৱেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছু আশাৰ ৰেঙণি সঞ্চাৰ কৰে ৷ ইয়াৰ এক উদাহৰণ "সেউজী শদিয়া সেনানী" ৷ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী প্ৰদক্ষেপ ল'বলৈ আগবাঢ়ি আহিছে "সেউজী শদিয়া সেনানী" নামৰ প্ৰকৃতি প্ৰেমী সংগঠনটো । শদিয়াৰ কেইগৰাকীমান যুৱকৰ দ্বাৰা গঠন হোৱা সংগঠনটোৰ তত্ত্বাৱধানত পৰ্যটন আৰু পক্ষী সংৰক্ষণৰ গুৰুত্বপূৰ্ণস্থলীলৈ পৰিৱৰ্তিত হৈছে শদিয়াৰ চাপাখোৱা সদৰ পৰা আধা কিলোমিটাৰ নিলগৰ কুণ্ডিল নদীৰ পাৰত থকা এটি জলাশয় ৷

পৰ্য্যটনৰ আকৰ্ষণৰ নতুন ঠাই
Intro:পৰ্য্যটনৰ আকৰ্ষণৰ নতুন ঠাই শদিয়াৰ কুণ্ডিল পক্ষী বিচৰণ স্থলী, বৰ্তমান সময়ত দহ হাজাৰতকৈ অধিক বগলীৰ বিচৰণ স্থলী এই অঞ্চল ।

শদিয়া : বৰ্তমান সময়ত অবাধ হাৰত  বন ধ্বংসৰ লগতে বন্যপ্ৰাণীৰ নিধন যজ্ঞই পৃথিৱীৰ বুকুলৈ সঘনাই সংকেত কঢ়িয়াই আনিছে ।এনে এক অসুস্থিৰ বাতাবৰণ মাজতো কিছুমান ভাল প্ৰদক্ষেপে পৰিৱেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰক্ষেত্ৰত কিছু আশাৰ ৰেঙণি মুকলি কৰে । বৰ্তমান সময়ত শদিয়াৰ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী প্ৰদক্ষেপ লবলৈ আগবাঢ়ি আহিছে "সেউজী শদিয়া সেনানি" নামৰ এক প্ৰকৃতি প্ৰেমী সংগঠনে। শদিয়াৰ কেইজন মান যুৱকৰ দ্বাৰা গঠন হোৱা সংগঠনটোৰ তত্ত্বাৱধানত পৰ্যটন আৰু পক্ষী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ স্থলীলৈ পৰিৱৰ্তিত হৈ পৰিছে শদিয়াৰ চাপাখোৱা সদৰ পৰা আধা কিলোমিটাৰ নিলগৰ কুণ্ডিল নদীৰ পাৰত থকা এটি জলাশয় । উক্ত জলাশয়টো কুণ্ডিল নদীৰ এৰা সুঁতি আছিল আৰু বছৰ বছৰ ধৰি এই জলাশয়টোত  বগ ,বগলী ,পানী কাউৰী , কণা মুচুৰী , ডাউক ,দৰিক ,শালিকা , শৰালী ,বন কুকুৰা ,কাম চৰাই , বনৰীয়া হাঁহ ইয়াৰ উপৰিও জলাশয়টোৰ দাঁতি কাষৰত লাগি থকা বনাঞ্চলখনত হুগৰী পহু ,হৰ পহু ,শিয়াল ,জহামাল , নেওল ,নিফেৰা ইত্যাদি জন্তুৰ বিচৰণস্থলি আৱাসস্থলী হৈ আহিছে । কিন্তু পৰিতাপৰ বিষয় যে এই অঞ্চলটোৰ পৰা কিছুমান দুষ্কৃতিকাৰীয়ে বিগত কেইটামান বছৰ ধৰি জলাশয়টোৰ পৰা অবাধ হাৰত পক্ষী নিধন কাৰ্য্য কৰি আহিছিল । উল্লেখ্য যে  অঞ্চলটোৰ দাঁতিকাষৰীয়া গোহাঁই গাওঁৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক ৰমেন বৰগোহাহাঁইয়ে বহু কষ্ট কৰি পক্ষী নিধন বন্ধ কৰিবলৈ বন বিভাগক বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছিল । কিন্ত তেওঁ অকলশৰীয়া হোৱাত সকলো সময়ত অঞ্চলটোৰ ওপৰত চোৱাচিতা কৰি থকা অসম্ভৱ হৈ পৰিছিল সেইবাবে তেওঁ শদিয়াৰ প্রকৃতি প্ৰেমী সংগঠন সেউজী শদিয়া সেনানিৰ কাষ চাপি সংগব্ধ হৈ অঞ্চলটোৰ ৰক্ষাৰ স্বাৰ্থত কাম কৰিব আগবাঢ়িল । পৰৱৰ্তী পৰ্যায়ত শদিয়াৰ মহকুমাধিপতি বিশ্বজিৎ ফুকনৰ পূৰ্ণ সহযোগিতাত পক্ষী বিচৰণ স্থলীৰ নিৰীক্ষণ আৰু পৰ্য্যটন স্থলী বিকাশৰ বাবে এখন পৰিচালনা সমিতি গঠন গঠন কৰি সমগ্ৰ জলাশয়টো পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে সেউজী শদিয়া সেনানিক। পৰৱৰ্তী পৰ্যায়ত শদিয়াৰ মহকুমাধিপতিয়ে  উক্ত অঞ্চলটোক কুণ্ডিল পক্ষী বিচৰণস্থলী হিচাপে নামাংকৃত কৰি সেউজী শদিয়া সেনানীয়ে এক অনুষ্ঠান আয়োজন কৰি এই কুণ্ডিল পক্ষী বিচৰণ স্থলী আনুষ্ঠানিকভাৱে পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে শদিয়াৰ মহকুমাধিপতি বিশ্বজিৎ ফুকন,আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী , ডুমডুমা  বন সংমণ্ডল বিষয়া দিলীপ কুমাৰ ডেকাই ৷Body:Byte : 1/ DFO doomdooma
2/ Member NGOConclusion:Mintu Talukdar
Sadiya
Last Updated : Jul 3, 2019, 2:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.