শদিয়া,3জুলাই : ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত অমৰ পুৰত উন্নয়নৰ নামত বিজেপি চৰকাৰৰ চৰম অৱহেলা কৰাৰ অভিযোগ ৷ অমৰপুৰ ৰাইজে যাতায়তৰ নামত খাইছে নৰক যন্ত্ৰনা,গৰাখহনীয়াত নিচিহ্ন হোৱাৰ পথত প্ৰায় ৩৫ খন গাঁও ৷ দিবাং নদীয়ে প্ৰতিদিনে শ শ ৰাইজে বোট নাৱেৰে বহু কষ্টৰে অহা যোৱা কৰে প্ৰায় ৩৫ কি.মি দূৰত্ব অবস্থিত শদিয়া টাউন লৈ ৷ ৰাস্তা,পদূলিৰ একেবাৰে পুতৌ লগা অৱস্থা খলা বমা ৰাস্তা বৰ্তমানেও কিছু কিছু ঠাইত একাঁঠু পানী ৷ অঞ্চলটো ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্দ্যানৰ গাতে লাগি থকা শদিয়া সমষ্টিৰ অমৰপুৰ অঞ্চলৰ উন্নয়ন নামত চৰকাৰে ধাক,ঢোল বজোৱাৰ প্ৰকৃত স্বৰূপ দেখা গৈছে ৷
১৯৩৩ চনতে প্ৰতিষ্ঠা লাভ কৰা আদিম জনগোষ্ঠী ভুমিপুত্ৰ মিছিং,বড়ো বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা এই অঞ্চলতোত প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ এই অমৰপুৰ অঞ্চল। চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ কৰে তেন্তে এই অমৰপুৰ অঞ্চল পৰ্যটন স্থলিলৈ ৰূপান্তৰিত হোৱাৰ আশা কৰিব পাৰি ৷ অঞ্চলটোত বিগত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া অমৰপুৰ অঞ্চললৈ আহি দিবাং নদী ওপৰ দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰল আজিকোপতি । সমষ্টিটোত বিশ বছৰে বিধায়ক হিচাপে থকা বিধায়ক বলিন চেতিয়াই ৰাইজৰ মৌলিক সমস্যাৰ এটাও সমাধান কৰিব নোৱাৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ ৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব কৰ’ণাৰ প্ৰতিষেধক: হিমন্ত বিশ্ব শৰ্মা