ETV Bharat / state

উন্নতিৰ বিপৰীত মেৰুত শদিয়াৰ এখন গাঁও - বলিন চেতিয়া

পথ, বিজুলী বাতিৰ লগতে গাঁওখনৰ বহুকেইটা সমস্যা সমাধানৰ বাবে গাঁওবাসীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক বলিন চেতিয়াক আবেদন নিবেদন কৰিছে যদিও এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জনপ্ৰতিনিধিসকলে ৷ সেয়ে, পথৰ ওপৰতে ভূঁই ৰুই বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত হৈ অঞ্চলবাসীয়ে ৷

Sadia
উন্নতিৰ বিপৰীত মেৰুত শদিয়াৰ এখন গাঁও
author img

By

Published : Jun 15, 2020, 9:11 PM IST

শদিয়া , 15 জুন: ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ হাহঁখাটি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ধলাৰ মুলুক গাওঁ ৷ হাহঁখাটি বাগান গাঁৱৰ পৰা মুলুক গাওঁ হৈ লাওপানীয়ে দি ড. ভূপেন হাজৰিকা সেতুলৈ যোৱা সংযোগী পথটোৰ দুৰৱস্থা দেখিলে নিজকে স্বাধীন দেশৰ নাগৰিক নহয় যেন অনুভৱ হ'ব ৷ গাওঁখনৰ মূল পথটোৰ লগতে উপ-পথ সমূহৰো অৱস্থা তথৈবছ ৷

পথ, বিজুলী বাতিৰ লগতে গাওঁখনৰ বহুকেইটা সমস্যা সমাধানৰ বাবে গাওঁবাসীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক বলিন চেতিয়াক আবেদন নিবেদন কৰিছে যদিও এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জনপ্ৰতিনিধিসকলে ৷ সেয়ে, পথৰ ওপৰতে ভূঁই ৰুই বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত হৈ অঞ্চলবাসীয়ে ৷

উন্নতিৰ বিপৰীত মেৰুত শদিয়াৰ এখন গাঁও

লগতে গাঁওখনৰ সমস্যা সমূহ সমাধান নকৰা পৰ্যন্ত স্থানীয় বিধায়ক বলিন চেতিয়াৰ প্ৰৱেশ নিষিদ্ধ থাকিব বুলি ঘোষণা কৰে গাঁওবাসীয়ে ৷ উল্লেখ্য যে উক্ত গাঁৱতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মীয় ৰহিলা সোণোৱাল নামৰ দৰিদ্ৰ বৃদ্ধাগৰাকীয়ে বাস কৰে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ জয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.