শদিয়া, 6 মে: তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই নিজৰ তিনিটা কাৰ্যকালত সজাই দিব নোৱাৰা এখন দলং লক্ ডাউনৰ সময়চোৱাত সমূহীয়া প্ৰচেষ্টাৰে সাজি উলিয়াই ৰাইজে ৷ শদিয়া সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আজোখা আৰু সোণাৰী গাঁও সংযোগী ধলা নদীৰ ওপৰত সাজি উলিওৱা এই দলংখনৰ বাবে ৰাইজে বহুদিনৰ পৰাই বিধায়কগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছিল ৷ কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে বিধায়কগৰাকীয়ে ৷
অৱশেষত ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ দলং ৷ বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দলংখন উদ্ধোধন কৰি প্ৰতিগৰাকী শ্ৰমদাতালৈ কৃতজ্ঞতা জনাই স্থানীয় বিধায়ক গৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বাৰিষা বিপদসংকুলভাৱে মেগেলা উচ্চ মাধ্যমিক বিদ্যালয়লৈ ভূৰত উঠি পাৰাপাৰ হ’বলগীয়া হোৱা এই স্থানত আজোখা গাঁৱৰ ৰাইজৰ উদ্যোগত সোনাৰী গাঁৱৰ ৰাইজৰ সহযোগত এখন কাঠ-বাঁহৰ দলং সাজি উলিওৱা হয় ৷
উল্লেখ্য যে, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মেগেলা সমষ্টিৰ সদস্যগৰাকীয়ে এখন কাঠৰ টুলুঙা নাঁৱৰ ব্যৱস্থা কৰি দিছিল ৷ কিন্তু নিম্ন মানৰ কাঠেৰে তৈয়াৰী নাঁওখন মাত্ৰ কেইদিনমানতে নষ্ট হয় ৷ লক্ ডাউনৰ সময়চোৱাত আৱদ্ধ হৈ পৰা ৰাইজে কাঠ-বাঁহৰ লগতে নগদ ধন সংগ্ৰহ কৰি শাৰীৰিক দূৰত্ব বজাই ৰাখি এখন মজবুত দলং সাজি উলিয়ায় ৷