শদিয়া, 29 ডিচেম্বৰ: মঙলবাৰৰ পৰা তিনিচুকীয়া জিলাৰ কাকপথাৰ ৰঙাজানত আৰম্ভ হয় ৰঙাজান প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা ৷ ৰঙাজান যুৱ সংঘৰ উদ্যোগত ৰঙাজানৰ ৰাজহুৱা খেলপথাৰত পতাকা উত্তোলনেৰে আৰম্ভ হয় খেলখন ৷
প্ৰতিযোগিতা খনৰ প্ৰথমখন খেল অনুষ্ঠিত হয় আটছা আৰু ৰঙাজান কিংছ ইলেভেন দলৰ মাজত ৷ সমাজকৰ্মী শিশু ভাস্কৰ হেমন্তৰাজ মৰাণে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা প্ৰতিযোগিতাখনত সৰ্বমুঠ ৮ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ ২০২১ চনৰ ১৮ জানুৱাৰীত প্ৰতিযোগিতা খনৰ চুড়ান্ত খেল অনুষ্ঠিত হ'ব ৷ ৰঙাজান প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে সহায়, সহযোগিতা কামনা কৰিছে ৰঙাজান যুৱ সংঘই ৷