ETV Bharat / state

তিনিচুকীয়াত দিন-দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

author img

By

Published : Apr 30, 2021, 10:25 PM IST

তিনিচুকীয়া চলিহা নগৰ অঞ্চলত দিন-দুপৰতে সংঘটিত হৈছে এক ডকাইতি কাণ্ড ৷ চাৰিজনীয়া এটা ডকাইতৰ দলে সংঘটিত কৰিছে এই ডকাইতি কাণ্ড ৷

চলিহা নগৰত দিন-দুপৰতে ভয়ানক ডকাইতি কাণ্ড

তিনিচুকীয়া, 30 এপ্ৰিল : তিনিচুকীয়া চলিহা নগৰ অঞ্চলত দিন-দুপৰতে সংঘটিত হয় এক ডকাইতি কাণ্ড। চাৰিজনীয়া ডকাইতৰ এটা দলে পিস্তল আৰু হাতত চোকা অস্ত্ৰলৈ আক্ৰমণ কৰে আগৰৱালা উপাধি এগৰাকী ব্যৱসায়ীৰ ঘৰত ৷ জানিব পৰা মতে তিনিচুকীয়াৰ জনবহুল এলেকা চলিহা নগৰত থকা বিকাশ আগৰৱালা নামৰ এগৰাকী ব্যৱসায়ীৰ বাসগৃহত চাৰিজনীয়া এটা যুৱকৰ দলে চোকা অস্ত্ৰ আৰু পিস্তল লৈ আক্ৰমণ চলায়। ডকাইতৰ দলটোৱে মহিলা সকলক শাৰিৰিক আক্ৰমণ চলোৱাৰ উপৰিও ভয়-ভাবুকি প্ৰদান কৰি চাৰিটাকৈ মোবাইল ফোন কাঢ়ি লয় ।

সেইসময়তে ঘৰত থকা লোক সকলে চিঞৰ-বাখৰ আৰম্ভ কৰাত ডকাইতৰ দলটো পলাই যায় আৰু ঘটনাৰ কিছু দৃশ্য কাষৰ ঘৰৰ CCTV কেমেৰাত আবদ্ধ হয়। ঘটনা সংঘটিত হোৱাৰ পাচত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলায় ।

উল্লেখ্য যে, তিনিচুকীয়াত প্ৰায়ে এনে ঘটনা সংঘটিত হৈ আহিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ কিন্তু তিনিচুকীয়া আৰক্ষী তৎপৰ নোহোৱাৰ বাবেই দিন-দুপৰতে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন লোকে ৷

লগতে পঢ়ক: ১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.