শদিয়া,1 মাৰ্চঃ স্বাধীনতাৰ 70টা দশক পাৰ হোৱাৰ পিছতো উন্নত নহ’ল কাকপথাৰৰ কুলিপথাৰ টঙনা সংযোগী পথটো ৷ কেইবাখনো গাঁৱৰ যাতায়তৰ বাবে ব্যৱহাৰ হোৱা একমাত্ৰ পথটো চৰকাৰে নিৰ্মাণ নকৰাত ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ শতাধিক মহিলায়ে ৷ ১২৬নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পথটো বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ নকৰাত ক্ষোভিত হৈ স্থানীয় মহিলাসকলে শ্ৰমদানেৰে পথছোৱা নিৰ্মাণ কৰে ৷ প্ৰায় তিনি কিল’মিটাৰ দৈৰ্ঘৰ পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক বলীন চেতিয়া,সাংসদ প্ৰদান বৰুৱাৰ লগতে কাকপথাৰ গাঁও পঞ্চায়তৰ ওচৰত বাৰম্বাৰ আবেদন কৰিয়ো সফল নহ’ল ৰাইজ ৷
টীয়কঃ পৰিবৰ্তনৰ শ্ল’গান আওৰাই দিছপুৰত শাসনৰ গাদী দখল কৰা মিত্ৰজোঁটৰ চৰকাৰ খনৰ ফোঁপোলা স্বৰূপ উদঙাইছে যোৰহাট জিলাৰ টীয়ক পৌৰসভাৰ অন্তৰ্গত 2নং বাঁহবাৰী পথটোৱে । পৌৰসভাৰ অন্তৰ্গত হোৱাৰ পাছতো পথটো আজিকোপতি নিৰ্মাণ নহ’ল ৷ পথটোৰ অৱস্থা দেখি দেওবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়ক আঞ্চলিক আৰু বাঁহবাৰী শাখা সমিতিয়ে ৰাইজৰ সহযোগত শ্ৰমদানেৰে মেৰামতি কৰে পথটো ৷ বাৰিষা হ'লে সামান্য এজাক বৰষুণত ডুব যোৱা পথটোৰে যাতায়াত কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী,ৰোগীকে ধৰি স্থানীয় ৰাইজ ৷ উল্লেখ্য যে,বিগত বানপানীৰ সময়ত টীয়ক নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছিল পথটো ৷
লগতে চাওকঃঅৰুণাচলত তুষাৰপাতত আৱদ্ধ যাত্ৰীবাহী বাহন