মাৰ্ঘেৰিটা,25 নৱেম্বৰ: ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈত পিছনিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । এখন ট্ৰাক আৰু এখন যাত্ৰীবাহী মেজিকৰ মাজত মুখামুখি সংঘৰ্ষত চাৰিজন লোক থিতাতে নিহত হয় ৷ ঘটনা অনুসৰি, মাৰ্ঘেৰিটাৰ দিশৰ পৰা অহা AS 01JC 2935 নম্বৰৰ কয়লা ভৰ্তি এখন ট্ৰাকৰ লগত তিনিচুকীয়া দিশৰ পৰা অহা AS 23 CC 3431 নম্বৰৰ মেজিকৰ পাৱৈৰ ৰাজপথত মুখামুখি সংঘৰ্ষ হয় ।
দুৰ্ঘটনাটো থিতাতে মৃত্যু হয় মেজিকখনৰ চালক বিচু দাসৰ লগতে মেজিকখনত অহা তিনিগৰাকী লোক ৷ আহত লোকসকলক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । নিহত চালকজনৰ বাহিৰে মৃত আন তিনিজন লোকৰ বৰ্তমানেও চিনাক্তকৰণ হোৱা নাই ৷