শদিয়া, 5 জানুৱাৰীঃ দেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া জিলাত সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ জিলাখনৰ বৰডুমচা থানাৰ অন্তৰ্গত সোণজানত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনা অনুসৰি, AS 23 A 9026 নম্বৰৰ এখন ট্ৰাকৰ তলত AS 23 W 6625 নম্বৰৰ এখন বাইক সোমাই যোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী অজন্ত মৰাণ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত বাইক আৰোহী অজন্ত মৰাণৰ ঘৰ ৰঙাজান গাঁৱত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বিশ্বনাথত লোমহৰ্ষক হত্যাকাণ্ড