ETV Bharat / state

Tinsukia Accident: পথ দুৰ্ঘটনাক লৈ উত্তপ্ত তিনিচুকীয়াৰ হিজুগুৰি - Tense situation in Tinsukia

তিনিচুকীয়াৰ হিজুগুৰি ভি আই পি পথত ১২ বছৰীয়া কিশোৰক মহতিয়াই নিলে ট্ৰাকে । সংকটজনক অৱস্থাত কিশোৰজনক চিকিৎসালয়লৈ প্ৰেৰণ ।

Tense situation in Tinsukia
কিশোৰক মহতিয়াই নিলে ট্ৰাকে
author img

By

Published : Jul 30, 2023, 7:26 PM IST

কিশোৰক মহতিয়াই নিলে ট্ৰাকে

তিনিচুকীয়া, ৩০ জুলাই: সাম্প্ৰতিক ৰাজ্যত পথ দুৰ্ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ সংঘটিত পথ দুৰ্ঘটনাই অকালতে কাঢ়ি নিছে মানুহৰ জীৱন । এই পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালনৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আহিছে ৷ আইন ভংগকাৰীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ পিচতো প্ৰতিৰোধ হোৱা নাই দুৰ্ঘটনা । দেওবাৰে পুৱা তিনিচুকীয়াৰ হিজুগুৰি ভি আই পি পথত এক দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাক লৈ হিজুগুৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

তিনিচুকীয়া বৰগুৰিৰ ক'ৰ্টৰ দিশৰ পৰা গৈ থকা এখন ট্ৰাকে বিপৰীত দিশৰ পৰা আহি এটা ১২ বছৰীয়া কিশোৰক মহতিয়াই নিয়ে । স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, চাহানি উপাধিৰ কিশোৰজনে পূজাৰ বাবে ফুল লৈ ঘৰলৈ উভতি অহাৰ সময়তে উক্ত ট্ৰাকখনে কিশোৰজনক মহতিয়াই নিয়ে । ট্ৰাকখনৰ চকা কিশোৰজনৰ পেটৰ ওপৰেৰে উঠি যায় ৷

পৰৱৰ্তী সময়ত ততাতৈয়াকৈ অতি সংকটজনক অৱস্থাত কিশোৰজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । পিচত কিশোৰজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । উক্ত দুৰ্ঘটনা সংঘটিত কৰা AR 16 A 8211 নম্বৰৰ ট্ৰাকখন ৰাইজে আগচি ধৰে ।

কিছু সময়ৰ পাচত ঘটনাস্থলীত হিজুগুৰি আৰক্ষী আৰু তিনিচুকীয়াৰ যান বাহন আৰক্ষী উপস্থিত হৈ উক্ত ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰি আৰক্ষী থানালৈ লৈ আনে । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজনৰ নাম হৈছে উমৰ তামাং আৰু কৰ্মচাৰীজন সঞ্জু গুৱালা বুলি স্থানীয় ৰাইজে কয় ।

ৰাইজে অভিযোগ কৰা মতে সুৰা সেৱন কৰি চালকে ট্ৰাকখন চলাইছিল । ৰাইজে দুয়োকে মাৰধৰ কৰি আৱদ্ধ কৰি ৰখাৰ সময়তে আৰক্ষীয়ে দুয়োকে ৰাইজৰ পৰা উদ্ধাৰ কৰি আৰক্ষী থানালৈ নিয়ে ।

লগতে পঢ়ক:Assam assembly building: অসমৰ বাবে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে আজি ঐতিহাসিক দিন; ওম বিৰলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.