ETV Bharat / state

সাংবাদিকতাৰ নাম লৈ দালালি কৰি ফাণ্ডত পৰিল তিনিজন ! - এজাহাৰ

কাকপথাৰ টঙনাত শিক্ষকক ধন দাবী সাংবাদিকৰ, তিনিখনকৈ এজাহাৰ দাখিল অভিযুক্ত সাংবাদিকৰ বিৰুদ্ধে ৷

reporter-blackmailing-news
সাংবাদিকতাৰ নামলৈ দালালি কৰি ফাণ্ডত পৰিল কোন ?
author img

By

Published : Oct 10, 2021, 10:24 PM IST

শদিয়া, 10 অক্টোবৰ : সাংবাদিকতাৰ বৃত্তিক কলংকিত কৰি কাকপথাৰত সাংবাদিকে সংঘটিত কৰিছেছে শিক্ষকক ধন দাবী কৰাৰ দৰে লজ্জাজনক ঘটনা ৷ কাকপথাৰ টঙনা হিন্দী বিদ্যালয়ৰ প্ৰধান শিক্ষক শংকৰ ভগত নামৰ শিক্ষক গৰাকীক ভয় ভাবুকিৰে ৫০হাজাৰ টকা দাবী কৰে ব্যক্তিগত টেলিভিছন চেনেলৰ ডুমডুমাৰ 4 গৰাকী তথাকথিত সাংবাদিকে ৷

যোৱা ৮ অক্টোবৰত বিদ্যালয়ত উপস্থিত হৈ ধন দাবী কৰি আবেলিলৈ কাকপথাৰস্থিত বাসগৃহৰ সন্মুখৰ পৰা ভয়-ভাবুকি দি বলপূৰ্বকভাৱে ২০ হাজাৰ টকা লৈ উধাও হয় সাংবাদিক কেইজন ৷ পুনৰ ৯ অক্টোবৰত বাকী থকা ধন নিবলৈ উপস্থিত হোৱাৰ সময়তে কাকপথাৰৰ একাংশ সাংবাদিকৰ চকুত পৰাত পলাই পত্ৰং দিয়ে যুৱককেইজনে ৷

সাংবাদিকতাৰ নামলৈ দালালি কৰি ফাণ্ডত পৰিল কোন ?

এইদৰে ভয়-ভাবুকিৰে শিক্ষকক ধন দাবী কৰাৰ খবৰ লাভ কৰাৰ পিছতেই শিক্ষক জনৰ বাসগৃহত উপস্থিত হয় কাকপথাৰৰ সাংবাদিক মহল ৷ শিক্ষকৰ স্বীকাৰোক্তিৰ ভিত্তিত ব্যক্তিগত চেনেলৰ নামত ধনদাবী কৰা সাংবাদিক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷ সমান্তৰালভাৱে শিক্ষকজনেও তেখেতক ধন দাবী কৰি বলপূৰ্বকভাৱে ধন লৈ যোৱা বুলি সাংবাদিক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

লগতে, কাকপথাৰ প্ৰেছ ক্লাবেও বিষয়টো তদন্ত কৰি দোষী সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ এনেদৰে শিক্ষকক ধন দাবী কৰা সাংবাদিকৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সাংবাদিকে শিক্ষকক ধন দাবী কৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তিনিচুকীয়া জিলাখনতে ৷

লগতে পঢ়ক : স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ ডাঃ নভনীল বৰুৱাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.