ETV Bharat / state

সংকল্প দিৱসত শ্বহীদক সশ্ৰদ্ধ সোঁৱৰণ কাকপথাৰবাসীৰ

author img

By

Published : Feb 11, 2020, 1:22 PM IST

প্ৰতি বছৰৰ 10 ফেব্ৰুৱাৰীৰ দিনটোত শ্বহীদসকলক সোঁৱৰি পালন কৰি অহা হৈছে সংকল্প দিৱসৰ ৷ এইবেলিও সেৰেঙা উপস্থিতিৰ মাজতে বিভিন্ন জাতীয় দল-সংগঠনে পালন কৰে এই সংকল্প দিৱস ৷

Remembering martyrs of Kakapathar
সংকল্প দিৱসত শ্বহীদক সশ্ৰদ্ধ সোঁৱৰণ কাকপথাৰবাসীৰ

শদিয়া, 11 ফেব্ৰুৱাৰীঃ ১৪ বছৰ আগতেই ৰাষ্ট্ৰযন্ত্ৰৰ বলি হোৱা শ্বহীদৰ স্মৃতি ৰূপে সোমবাৰে কাকপথাৰৰ ডিৰাক চাৰিআলিত আয়োজন কৰা হয় সংকল্প দিৱস ৷ ২০০৬ চনৰ 10 ফেব্ৰুৱাৰীৰ দিনটোতে কাকপথাৰত ৰাষ্ট্ৰযন্ত্ৰৰ বলি বনাই হত্যা কৰা হৈঠিল ৯ জনকৈ নিৰপৰাধী ব্যক্তিক ৷ ডিৰাক সোণজানৰ অজিত মহন্ত নামৰ ব্যক্তিজনক ২০০৬ চনৰ ৪ ফ্ৰেব্ৰুৱাৰীৰ সন্ধিয়া সেনাবাহিনীৰ ১৩নং গোৰ্খা ৰেজিমেন্টে নিৰ্মমভাৱে হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো পথ অৱৰোধ কৰাৰ অন্তত ন্যায় বিচাৰি প্ৰায় বিশ সহস্ৰাধিক ৰাইজে কাকপথাৰৰ অভিমুখে ৰাওনা হৈছিল ৷

উল্লেখ্য যে কাকপথাৰ চহৰৰ পৰা প্ৰায় তিনি কি:মি: নিলগত লাজুমত সংঘটিত হৈছিল সেই দেশ কঁপোৱা হত্যাকাণ্ডটো ৷ লাজুমতে প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছিল সেনাবাহিনীয়ে ৷ থিতাতে নিহত হৈছিল ৮ জনকৈ নিৰীহৰ ৷ আনহাতে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা মনিকা মৰাণ নামৰ মহিলাগৰাকী মৃত্যুক আঁকোৱালি লৈছিল চিকিৎসালয়তে ৷ ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষনত নিহত হৈছিল ক্ৰমে মাধুৰ্য গোহাঁই, দিপন মৰাণ, অনিন্দিতা মুণ্ডা, বিউতী গোহাঁই, কুঞ্জলতা মৰাণ, পখিলী বৰা, ৱাহিদা আহমেদ আৰু গোলাপ বাইলুং ৷

আনহাতে সমগ্ৰ ঘটনাটোত অজিত মহন্ত সহিতে মুঠ ১০ গৰাকী নিৰীহে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল ৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনে সেইসময়ত মৃতকসকলক জাতীয় শ্বহীদ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে মৃতকসকলৰ পৰিয়ালবৰ্গলৈ এটাকৈ চৰকাৰী চাকৰি আৰু আহত সকলক এককালীন সাহায্য আগবঢ়োৱা হৈছে ৷ কিন্তু বৰ্তমান পাহৰণিৰ গৰ্ভত সেই শ্বহীদসকল ৷ শ্বহীদ বেদীসমুহৰ অৱস্থা জৰাৰ্জীণ ৷ এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে শ্বহীদবেদী সমূহত ৷ তথাপি কাণসাৰ নাই চৰকাৰ তথা দল-সংগঠনৰ ৷ আজি ১৪ বৰ্ষ অতিক্ৰম কৰা সময়ত অঞ্চলটোৰ মৰাণ ছাত্ৰ সন্থা, আছু, যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকতাই শ্বহীদসকলৰ পৰিয়ালবৰ্গক লৈ স্মৰণ কৰে জাতীয় শ্বহীদসকলক ৷ আকৌ সংকল্প লয় শ্বহীদসকলৰ স্মৃতি জীয়াই ৰখাৰ ৷ সংকল্প দিৱসত উপস্থিত থাকি মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে শ্বহীদসকলক স্মৰণ কৰি শ্বহীদস্থলীৰ পৰাই আলফা-চৰকাৰৰ আলোচনাই ৰাজ্যলৈ শান্তি আনিব বুলি আশাবাদী ৷ ইয়াৰোপৰি শ্বহীদসকলৰ বেদীসমুহ ভালকৈ নিৰ্মাণ কৰি তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ আহ্বান জনাইছে সচেতন মহলে ৷

আৰু পঢ়কঃআলফাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

Intro:কাকপথাৰ ডিৰাকত সংকল্প দিৱস : সেৰেঙা উপস্থিতিৰে ১০ শ্বহীদক স্মৰণ কাকপথাৰবাসীৰ

শদিয়া : ১৪ বছৰ আগতেই ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা শ্বহীদৰ স্মৃতি ৰূপে আজি কাকপথাৰৰ ডিৰাক চাৰিআলিত আয়োজন কৰা হয় সংকল্প দিৱস ৷ ২০০৬ চনৰ আজিৰ দিনটোতে কাকপথাৰত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈছিল ৯ জনকৈ নিৰপৰাধী ব্যক্তি ৷ ডিৰাক সোনজানৰ অজিত মহন্ত(25) নামৰ ব্যক্তিজনক ২০০৬ চনৰ ৪ ফ্ৰেব্ৰুৱাৰীৰ সন্ধিয়া সেনাবাহিনীৰ ১৩নং গোৰ্ষা ৰেজিমেন্টে নিৰ্মম ভাবে হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো পথ অবৰুধ কৰাৰ অন্তত ন্যায় বিছাৰি প্ৰায় বিশ সহস্ৰাধিক ৰাইজে কাকপথাৰৰ অভিমুখে ৰাওনা হৈছিল ৷ কাকপথাৰ চহৰৰ পৰা প্ৰায় তিনি কি:মি: নিলগত লাজুমত সংঘটিত হৈছিল সেই ঐতিহাসিক দেশ কপোঁৱা হত্যাকাণ্ডটো ৷ লাজুমতে প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বীচাৰ গুলিচালনা কৰিছিল সেনাবাহিনীয়ে ৷ থিতাতে নিহত হৈছিল ৮ জন, আৰু উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া মনিকা মৰাণ মৃত্যু মুখত পৰিছিল কেইদিনমানৰ পিছত ৷ ভাৰতীয় সেনাৰ নিৰ্বীচাৰ গুলিবৰ্ষনত নিহত হোৱা সকল ক্ৰমে মাধুয্য গোহাঁই, দিপন মৰাণ, অনিন্দিতা মুণ্ডা, বিউতী গোহাঁই, কুঞ্জলতা মৰাণ, পখিলী বৰা, ৱাহিদা আহমেদ আৰু গোলাপ বাইলুং ৷ সমগ্ৰ ঘটনাটোত অজিত মহন্তৰ সহিতে মুঠ ১০ গৰাকী মৃত্যু বৰণ কৰিব লগীয়া হৈছিল ৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনে সেইসময়ত মৃত সকলক জাতীয় শ্বহীদ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে মৃত সকলৰ পৰিয়ালবৰ্গলৈ এটাকৈ চৰকাৰী চাকৰি আৰু আহত সকলক এককালিন সাৰ্হায্য আগবঢ়ালে ৷ কিন্টু বৰ্তমান পাহৰণি গৰ্ভত শ্বহীদ সকল ৷ শ্বহীদ বেদি সমুহৰ অৱস্থা জৰাৰ্জীণ ৷ এক কদৰ্যময় পৰিবেশত পৰি আছে বেদি সমুহ ৷ ভাগি, ফাটি ওলমি গৈছে বেদি সমুহ ৷ কনসাৰ নাই চৰকাৰ, দল সংগঠন বা পৰিয়ালবৰ্গ ৷ আজি ১৪ বৰ্ষ অতিক্ৰম কৰা সময়ত অঞ্চলটোৰ মৰাণ ছাত্ৰ সন্থা, আছু, যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকতাই শ্বহীদসকলৰ পৰিয়ালবৰ্গক লৈ স্মৰণ কৰিলে জাতীয় শ্বহীদ সকলক ৷ আকৌ সংকল্প ললে শ্বহীদ সকলৰ স্মৃতি জীয়াই ৰখাৰ ৷ সংকল্প দীৱসত উপস্থিত থাকি মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে শ্বহীদ সকলক স্মৰণ কৰি শ্বহীদ স্থলীৰ পৰাই আলফা-চৰকাৰৰ আলোচনাই ৰাজ্যলৈ শান্তি আনিবলৈ আহ্বান জনায় ৷ শ্বহীদ সকলৰ বেদি সমুহ ভালকৈ নিৰ্মাণ কৰি তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ আহ্বান জনাইছে সচেতন মহলে ৷ Body:Byte : Student leaderConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.