ETV Bharat / state

ডিগবৈত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

author img

By

Published : Jun 12, 2021, 1:47 PM IST

শুকুৰবাৰে নিশা পাণবাৰীত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ(Slow Loris) ৷ পাণবাৰীৰ স্থানীয় যুৱক কেইজনমানৰ তৎপৰতাত উদ্ধাৰ হোৱা লাজুকী বান্দৰ(Slow Loris)টোক পৰৱৰ্তী সময়ত হেল্প ফাউণ্ডেছন আৰু বন বিভাগৰ সহযোগত মুকলি কৰি দিয়া হয় ৷

ডিগবৈত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ
ডিগবৈত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

ডিগবৈ,12 জুন: ডিগবৈত উদ্ধাৰ বিলুপ্তপ্ৰায় লাজুকী বান্দৰ(Slow Loris) ৷ শুকুৰবাৰে নিশা প্ৰায় 8.30 বজাত পাণবাৰী পথত উদ্ধাৰ কৰা হয় বিলুপ্তপ্ৰায় লাজুকী বান্দৰ(Slow Loris)টো ৷

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা পাণবাৰীৰ কেইজনমান যুৱকে এখন ডাম্পাৰৰ সন্মুখৰ পৰা আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে লাজুকী বান্দৰ(Slow Loris)টো ৷ তাৰপাচত যুৱক কেইজনে বান্দৰটো উদ্ধাৰ কৰি বেচৰকাৰী সংস্থা হেল্প ফাউণ্ডেছনৰ কৰ্মীক অৱগত কৰে । লগে লগে হেল্প ফাউণ্ডেছনৰ কৰ্মী গৈ যুৱকসকলে উদ্ধাৰ কৰা প্ৰাণীটো লাজুকী বান্দৰ(Slow Loris) বুলি চিনাক্ত কৰে ৷ লগতে উদ্ধাৰ হোৱা বান্দৰটোৰ সন্দৰ্ভত বন বিভাগৰ ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী পি চি ৰঞ্জিত ৰামক অৱগত কৰে ।

পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা লাজুকী বান্দৰ(Slow Loris)টোক ৰাইজ তথা বন বিভাগৰ সহযোগত মুকলি কৰি দিয়া হয় ৷ পাণবাৰী ৰাইজৰ এনে কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে । প্ৰকৃতিপ্ৰেমী সংগঠন গ্ৰীণবাড ছ’চাইটি আৰু এভাৰগ্ৰীণ ফাউণ্ডেছনে ৰাইজক অনুৰোধ জনাইছে যে, খাদ্যৰ সন্ধানত ওলাই অহা কোনো বন্যপ্ৰাণীক অত্যাচাৰ বা মাৰপিট নকৰি বন বিভাগক খবৰ দিয়ে যেন ।

লগতে পঢ়ক: বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.