ETV Bharat / state

Rangali Bihu 2023: ডেকাৰ চাকচনিৰ লহৰত ওৰে ৰাতি নাচিলে মৰাণ গাভৰুৱে - Rongali Bihu in Assam

ৰাজ্যত এতিয়া ৰঙালীৰ উচাহৰ ঢল (Rangali Bihu 2023) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীয়েও উদযাপন কৰিছে ৰঙালী বিহু । অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীয়ে পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিলে ৰাতি বিহু ।

Rati Bihu Celebrated in Tinsukia
ডেকাৰ চাকচনিৰ লহৰত ওৰে ৰাতি নাচিলে মৰাণ গাভৰুৱে
author img

By

Published : Apr 21, 2023, 1:15 PM IST

ডেকাৰ চাকচনিৰ লহৰত ওৰে ৰাতি নাচিলে মৰাণ গাভৰুৱে

তিনিচুকীয়া,২১ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ ব্যাপক উচাহ (Rangali Bihu 2023) । উজনি-নামনি সৰ্বত্ৰে পালন কৰা হৈছে হেঁপাহৰ ৰঙালী বিহু (Rongali Bihu in Assam) । নানা জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত ভিন্ন ৰীতি-নীতি পৰম্পৰাৰে পালন কৰিছে ৰঙালী বিহু । প্ৰতিটো জনগোষ্ঠীৰে ৰঙালী বিহু উদযাপন কৰাৰ সময় তথা পৰম্পৰা পৃথক (Bihu celebrated in Tinsukia) ।

অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী । মৰাণ জনগোষ্ঠীৰ লোকসকলে কিছু ব্যতিক্ৰমকৈ পালন কৰে চেনেহৰ ব’হাগ বিহুটি ৷ মৰাণ জনজাতীয়ে ব'হাগৰ প্ৰথমটো মঙলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাবে প্ৰতিবছৰে পৰম্পৰাগতভাৱে পালন কৰি আহিছে ৷

সেই গৰু বিহুৰ দিনাৰে পৰা মৰাণ বসতিপ্ৰধান গাঁওসমূহত ঐতিহাসিক পৰম্পৰাগত ৰাতি বিহু আৰু ধৰ্মীয় হুঁচৰি পৰিৱেশন কৰে ডেকা-গাভৰুসকলে । মৰাণ জনগোষ্ঠীৰ মানুহ বিহুৰ প্ৰথমদিনা অৰ্থাৎ ব’হাগৰ প্ৰথমটো বৃহস্পতিবাৰে ডেকাসকলৰ চাকচনিৰ লহৰত ওৰে ৰাতি নাচিলে মৰাণ জনজাতিৰ গাভৰুসকলে ।

লগতে পঢ়ক: Police constable suicide : ছাৰ্ভিচ ৰিভলভালেৰে গুলীয়াই আত্মহত্যা আৰক্ষী কনিষ্টবলৰ

তিনিচুকীয়াৰ জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তী ডিৰাক হাঁহখাতি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু পালন কৰা হয় (Rati Bihu Celebrated in Tinsukia) । নিজৰ স্বকীয় বৈশিষ্ট্যৰে পালন কৰা এই ৰাতি বিহুলৈ অঞ্চলটোৰ গাঁওসমূহৰ পৰা সহস্ৰাধিক নাচনী পৰম্পৰাগত সাজ পৰিধান কৰি ৰাতি বিহুস্থলীলৈ উলাই আহে ৷ তাৰ পাচতে তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ডেকাসকলে থলুৱা গীত মাতেৰে হাতত চাকচনি মাৰিৰে নাচনীসকলক নচোৱাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।

শেহতীয়াকৈ মৰাণ জনগোষ্ঠীৰ এই পৰম্পৰাগত ৰাতি বিহুৱে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাতি বিহু চাবলৈ, উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা যথেষ্ট পৰ্যটকৰো আগমন ঘটে । কিয়নো মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুৰ মাদকতা অন্য কোনো স্থানতেই পাবলৈ নাই ৷

লগতে পঢ়ক: Heavy storm in Majuli: প্ৰচণ্ড ধুমুহাত মাজুলীত বিস্তৰ ক্ষতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.