ETV Bharat / state

20 শতাংশ বোনাচৰ দাবীত ৰঙাপাৰা আৰু ডিগবৈত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - ৰঙাপৰা আৰক্ষী থানা

তেজপুৰ ৰঙাপৰাৰ নাহৰনি চাহ বাগিচাত বোনাচক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ তিনিচুকীয়াৰ ডিগবৈৰ পাৱৈ চাহ বাগিছাতো শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷

ৰঙাপাৰাত বোনাচৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Sep 23, 2019, 11:20 PM IST

ৰঙাপৰা, ডিগবৈ, 23 চেপ্টেম্বৰ: শাৰদীয় উৎসৱৰ আগে আগে বোনাচৰ দাবীত দুখনকৈ চাহবাগিচাত শ্ৰমিকে প্ৰতিবাদী কাৰ্য্যসূচীৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তেজপুৰ ৰঙাপৰাৰ নাহৰনি চাহ বাগিচাত বোনাচক কেন্দ্ৰ কৰি সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিক সকলক ২০ শতাংশ বোনাচ দুটা ভাগত দিয়াৰ সিদ্ধান্ত কৰে । পূজাৰ আগত ১৫ শতাংশ আৰু মাঘ বিহুৰ সময়ত ৫ শতাংশ বোনাচ প্ৰদান কৰাৰ সিন্ধান্তক কেন্দ্ৰ কৰি এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

বাগিচাৰ কেইবাশ শ্ৰমিকে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰে আৰু প্ৰতিবাদকাৰীসকলে শীঘ্ৰে ২০ শতাংশ বোনাচ প্ৰদান কৰাৰ দাবীৰে পৰিবেশ উত্তাল কৰি তোলে ৷ বিগত বৰ্ষত বাগিচা কৰ্তপক্ষই বাগিচাখনৰ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদান কৰিছিল যদিও এইবাৰ দুটা ভাগত ২০ শতাংশ বোনাচ শ্ৰমিকসকলক দিয়াৰ সিদ্ধান্ত কৰ্তৃপক্ষই জানিবলৈ দিয়াত বাগিচাখলৰ শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰে ৷ শ্ৰমিকসকলে পুজাৰ আগতে ২০ শতাংশ বোনাচৰ দাবী কৰিছে ৷ পৰিস্থিতি অধিক উতপ্ত হোৱাৰ বাবে ৰঙাপৰা আৰক্ষী থানাৰ এটি দল বাগিচাখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ।

বোনাচৰ দাবীত দুখনকৈ চাহবাগিচাত উতপ্ত পৰিস্থিতি

ইপিনে, ডিগবৈৰ পাৱৈ চাহ বাগিছাতো সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ ৷ 20% বোনাছৰ দাবীত বাগিছাৰ সকলো চাহ শ্ৰমিকে বাগিচাৰ ফেক্টৰীৰ প্ৰৱেশ দ্বাৰত সোমবাৰে পুৱাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাগিছাৰ ফেক্টৰীৰ সন্মুখত সকলো শ্ৰমিকে কৰ্মবিৰতি পালন কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ চাহ শ্ৰমিক সকলে বহুত দিন ধৰি দাবী কৰি অহা 20% বনাচক লৈ টাটা কোম্পানীৰ পাৱৈ চাহ বাগিচাই শ্ৰমিকক দুই কিস্তিত বোনাচ দিব বিচাৰাটো শ্ৰমিকসকলে মানি লোৱা নাই ।

M. K. চাহ কোম্পানী দৰে আন কোম্পানীসমূহে যিহেতু চাহ শ্ৰমিকক একেলগে 20% বোনাচ দিবলৈ সক্ষম হৈছে কিন্তু টাটা কোম্পানীয়ে শ্ৰমিকসকলৰ অজ্ঞাতে ACMS ৰ লগত গোপন বুজাবুজিৰে দুটা কিস্তিত বোনাচ দিয়াৰ সিদ্ধান্ত লৈছে ৷ যিটো শ্ৰমিকসকলে কোনোপধ্যেই মানি নলয় বুলি স্পষ্ট কৰি দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা শাখাই । পূজাৰ আগতে 20% বোনাচ নাপালে শ্ৰমিক সকলে এনেদৰেই কৰ্মবিৰতি অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে চাহ শ্ৰমিকে ।

Intro:বোনাচক ৰঙাপৰাৰ নাহৰনি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিBody:ৰঙাপৰাঃ ৰঙাপৰাৰ নাহৰনি চাহ বাগিচাত বোনাচক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিক সকলক ২০ শতাংশ বোনাচ দুটা ভাগত দিয়াৰ সিদ্ধান্ত কৰে। পুজাৰ আগত ১৫ শতাংশ আৰু মাঘ বিহুৰ সময়ত ৫ শতাংশ বোনাচ প্ৰদান কৰাৰ সিন্ধান্তক কেন্দ্ৰ কৰি এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাগিচাৰ কেইবাশ শ্ৰমিক বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰে আৰু প্ৰতিবাদকাৰে সকলে শীঘ্ৰে ২০ শতাংশ বোনাচ প্ৰদান কৰাৰ দাবীৰে পৰিবেশ উত্তাল কৰি তোলে ৷ বিগত বৰ্ষত বাগিচা কৰ্তপক্ষই বাগিচাখনৰ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদান কৰিছিল যদিও এইবাৰ দুটা ভাগত ২০ শতাংশ বোনাচ শ্ৰমিকসকলক দিয়াৰ সিদ্ধান্ত কৰ্তৃপক্ষই জানিবলৈ দিয়াত বাগিচাখলৰ শ্ৰমিক সৰল ক্ষুব্ধ হৈ পৰে ৷ শ্ৰমিকসকলে পুজাৰ আগতে ২০ শতাংশ বোনাচৰ দাবী কৰিছে ৷ পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে ৰঙাপৰা আৰক্ষী থানাৰ এটি দল বাগিচাখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা চলায়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.