ETV Bharat / state

তিনিচুকীয়াত পুনৰ তিনিজনৰ দেহত ক'ভিড-19ৰ উপস্থিতি

তিনিচুকীয়া জিলাত বৃদ্ধি পাইছে ক'ভিড-19ৰ গণ-সক্ৰমণৰ ঘটনা ৷ জিলাখনত পুনৰ তিনিজনৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ তিনিওজন তিনিচুকীয়া ৰেলৱেৰ কৰ্মচাৰী আছিল৷ বৰ্তমান চিকিৎসাধীন হৈ আছে কৰ'ণা আক্ৰান্ত লোককেইজন ৷

Railway Employee Covid Positive
তিনিচুকীয়াত পুনৰ তিনিজনৰ দেহত ক'ভিড-19ৰ উপস্থিতি
author img

By

Published : Jul 21, 2020, 5:32 PM IST

তিনিচুকীয়া, 21জুলাই: ৰাজ্যত ভয়ানক ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ মঙলবাৰে তিনিচুকীয়া ৰেলৱেৰ তিনিগৰাকীৰ কৰ্মচাৰীৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ লোককেইজন তিনিচুকীয়া সংমণ্ডলৰ বাহাদুৰ চাৰিআলি ৰেল ষ্টেচনৰ কৰ্মচাৰী জিতেন্দ্ৰ মৰাণ,অজিত কুমাৰ দাস আৰু সঞ্জীৱ দেৱ বুলি জানিব পৰা গৈছে ৷

কৰ্মচাৰীকেইজন জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ থকাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাৱ পৰীক্ষা কৰাত শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কথা ৷ ইপিনে সঞ্জীৱ দেৱ নামৰ কৰ্মচাৰীগৰাকীয়ে উশাহ-নিশাহত কষ্ট পোৱাত পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ বৰ্তমান জিতেন্দ্ৰ মৰাণ আৰু অজিত কুমাৰ দাসক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই কৰ্মচাৰীকেইজনৰ নাছিল কোনো ভ্ৰমণ ইতিহাস ৷

অন্য এক খবৰৰ বাবে: কোভিড-19 সন্দৰ্ভত দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.