তিনিচুকীয়া, 2 নৱেম্বৰ : দুৰ্গা পূজাৰ দশমীৰ দিনাৰ পৰা ডুমডুমাৰ সমীপৰ ৰূপাইৰ 9 বছৰীয়া এগৰাকী কন্যা সন্ধানহীন হৈ আছে ৷ ডুমডুমাৰ ৰূপাই চাইডিংস্থিত ITBP শিবিৰৰ সমীপৰ মদন শ্বাহ নামৰ লোকজনৰ কনিষ্ঠা কন্যা 9 বছৰীয়া ৰশ্নি শ্বাহে ঘৰৰ সন্মুখত হৈ থকা দুৰ্গা পূজা মণ্ডপলৈ গৈছিল ৷ কিন্তু কিছু সময়ৰ পিছতে কন্যা ৰশ্নিৰ সন্ধান নোপোৱাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে আৰু ৰশ্নিৰ সন্ধান আৰম্ভ কৰে যদিও আজি পৰ্যন্ত কিশোৰী গৰাকীৰ সন্ধান লাভ কৰিব পৰা নাই ৷
ইফালে কিশোৰী গৰাকীৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গৈছে আৰক্ষীক ৷ আজি 10 দিনৰ পাছতো কিশোৰীগৰাকী সম্পৰ্কে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ দুৰ্গা পূজাৰ দশমীৰ পৰা সন্ধানহীন হৈ থকা ডুমডুমা ৰূপাইৰ ৰশ্নি শ্বাহ নামৰ কিশোৰীগৰাকী আজি 10 দিনৰ পাছতো সন্ধান ওলিওৱাত আৰক্ষী-প্ৰশাসন চূড়ান্তৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি বৃহস্পতিবাৰে ডুমডুমাৰ বিভিন্ন দল-সংগঠনে ৰাইজৰ সহযোগত ওলাই আহি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে কয় যে, এয়া আৰক্ষী আৰু প্ৰশাসনৰ চূড়ান্ত বিফলতা ৷ দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবেই এই ঘটনাত আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰশাসন তথা আৰক্ষীৰ বাবে এইয়া চৰম দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ এইখন চৰকাৰৰ যে কেৱল ধনীৰ চৰকাৰ, বণিয়াৰ চৰকাৰ সেই কথা এই ঘটনাই উদঙাই দিছে বুলিও কয় তেওঁলোকে ৷ লগতে অতি শীঘ্ৰেই সন্ধানহীন হৈ থকা কিশোৰীগৰাকীৰ সন্ধান উলিয়াবলৈ প্ৰশাসনক দাবী উত্থাপন কৰে অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক : Public Protest at Kalgachia: বেকী নৈত সমূহীয়াকৈ আত্মজাহৰ হুংকাৰ মইনবৰীৰ নৈপৰীয়া ৰাইজৰ