ETV Bharat / state

Tirap coal mine: লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জীৱিত কৰাৰ বাবে লোক শুনানি

author img

By

Published : Jul 8, 2023, 2:01 PM IST

লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জীৱিত কৰাৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা পৰিৱেশ অনুমোদন প্ৰাপ্ত কৰাৰ বাবে লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ লোক শুনানি কাৰ্যসূচী ৷ বৃটিছৰ কালৰ পৰাই মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটোৱে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈ আহিছিল ৷

Etv Bharat
Etv Bharat

তিনিচুকীয়া, 7 জুলাই: বৃহস্পতিবাৰে লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জীৱিত কৰাৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা পৰিৱেশ অনুমোদন প্ৰাপ্ত কৰাৰ বাবে লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এখনি লোক শুনানি কাৰ্যসূচীৰ আয়োজন কৰে ৷ এই কাৰ্যসূচীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ডিব্ৰুগড় শাখাৰ অভিযন্তা ধীৰেণ পেগু, তিনিচুকীয়া জিলা অতিৰিক্ত উপাযুক্ত পংকজ ৰাজবংশী, উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মুখ্য মহা-প্ৰবন্ধক এছ পি দত্ত উপস্থিত থাকে ৷

উল্লেখ্য যে, 2020 চনৰ 21 মে’ তাৰিখে ক’ল ইণ্ডিয়াই সকলো কাম-কাজ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত 3 জুন 2020 তাৰিখৰ পৰা সম্পূৰ্ণভাৱে ক’ল ইণ্ডিয়া বন্ধ কৰি দিয়াৰ এক বিজ্ঞপ্তি ঘোষণা কৰাৰ পিছৰ পৰাই মাৰ্ঘেৰিটাৰ লিডুৰ কয়লা খনি বন্ধ হৈ পৰে ৷ বৃটিছৰ কালৰ পৰাই মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটোৱে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈ আহিছিল ৷ এই উদ্যোগটো বন্ধ হোৱাৰ ফলত কৰ্মৰত কৰ্মচাৰীকে ধৰি ইয়াৰ লগত প্ৰত্যক্ষ, পৰোক্ষভাবে সম্বন্ধ থকা হাজাৰ হাজাৰ মানুহ নিবনুৱা হৈ পৰে আৰু বহুতো নিজৰ কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হয় ৷

বৃহস্পতিবাৰে অনুষ্ঠিত এই লোক শুনানি অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ লগতে প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত হৈ দাবী উত্থাপন কৰি উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটো জনগণৰ স্বাৰ্থত পুনৰায় কাৰ্যক্ষম কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ আনহাতে এই লোক শুনানিত উপস্থিত থাকি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পাপু দত্তই পৰিৱেশ নিয়ন্ত্ৰণ ব’ৰ্ডক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱেশ নিয়ন্ত্ৰণ ব’ৰ্ডে কয়লাক্ষেত্ৰ খনন অঞ্চল সমূহত পৰিৱেশ সুৰক্ষাৰ বাবে ল’ব লগা প্ৰতিটো দিশ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে ক'ল ইণ্ডিয়াৰ এই অঞ্চল সমূহত মাইনিং কোম্পানী সমূহে খনন আৰম্ভ কৰিলে উক্ত কৰ্মত স্থানীয় নিবনুৱা নিযুক্তি দিবৰ বাবেও দাবী জনায় ৷

লগতে পঢ়ক: Illegal Timber Seized at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত চোৰাং কাঠ ভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.