ডিগবৈ, 12 জুন : ডিগবৈত হাপজান ব্লক কংগ্ৰেছ কমিটি (Hapjan Block Congress Committee)ৰ উদ্যোগত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC)ৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাপজান ব্লক কংগ্ৰেছ কমিটি (Hapjan Block Congress Committee)ৰ উদ্যোগত ডিগবৈ মাকুম মটৰৰ্চ পেট্ৰ’ল পাম্প (Digboi Makum Motors Petrol Pump)ৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত ডিগবৈ কংগ্ৰেছৰ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ শাসনাধিষ্ঠিত বিজেপি চাৰকাৰৰ দিনতেই পেট্ৰলজাত সামগ্ৰীৰ মূল্য আকাশলংঘী হৈ বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ ৰাইজৰ বাবে বিপৰ্যয়ৰ কাৰণ হৈ ঠিয় দিছে বুলি কয় প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰ লগতে অনতিপলমে শাসনাধিষ্ঠিত চৰকাৰক পেট্ৰলজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায় প্ৰতিবাদী দলটোৱে ৷
উল্লেখ্য যে, প্ৰতিবাদ কাৰ্যসূচীত হাপজান ব্লক কংগ্ৰেছৰ সভাপতি ভাস্কৰ জীৱন বৰুৱাৰ লগতে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি তথা ডিগবৈ সমষ্টিৰ বিগত নিৰ্বাচনৰ প্ৰাৰ্থী শিৱনাথ চেতিয়া উপস্থিত থাকে ।
লগতে পঢ়ক : হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু