ETV Bharat / state

Protest over Dibang river digging: দিবাং নদী খনন প্ৰকল্প বন্ধৰ দাবীৰে শদিয়াত সহস্ৰাধিক মিচিং ৰাইজৰ প্ৰতিবাদ - দিবাং নদী

দিবাং নদীৰ খনন প্ৰকল্প (Dibang river digging project) বন্ধ কৰাৰ দাবী শদিয়াৰ অমৰপুৰবাসীৰ ৷ এই খনন প্ৰকল্পই অঞ্চটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা প্ৰকাশ হাজাৰ হাজাৰ প্ৰতিবাদী ৰাইজৰ ৷ দেওবাৰে এই দাবীৰে সহস্ৰাধিক ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

Protest over Dibang river digging
দিবাং নদী খনন প্ৰকল্প বন্ধৰ দাবীৰে শদিয়াত সহস্ৰাধধিক মিচিং ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Mar 5, 2023, 7:23 PM IST

দিবাং নদী খনন প্ৰকল্প বন্ধৰ দাবীৰে শদিয়াত সহস্ৰাধধিক মিচিং ৰাইজৰ প্ৰতিবাদ

তিনিচুকীয়া, 5 মাৰ্চ: দিবাং নদী খনন প্ৰকল্পৰ (Dibang river digging project) কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত মিচিং জনগোষ্ঠীয় সংগঠনৰ বিশাল প্ৰতিবাদ ৷ শদিয়াৰ অমৰপুৰৰ নিমঘাটৰ সমীপত দেওবাৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাটাও মিচিং দল-সংগঠনে ৷ দিবাং নদীৰ খননকাৰ্যই শদিয়াৰ অমৰপুৰ অঞ্চল সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাব বুলি আশংকা প্ৰকাশ নৈপৰীয়া ৰাজ্যৰ ৷

উল্লেখ্য যে, শদিয়া মহকুমাৰ অমৰপুৰৰ চকুলো স্বৰূপ পাহাৰীয়া খৰস্ৰোতা নৈ দিবাং নদীৰ গতিপথ নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত অসম চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে কেইবাকোটি টকীয়া আঁচনি গ্ৰহণ কৰি চলাই আছে খননকাৰ্য ৷ কিন্তু বৰ্তমান নৈখনৰ বুকুত চলি থকা খননকাৰ্যৰ প্ৰকল্পই অঞ্চলটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ যাৰবাবে এনে ধ্বংসকাৰী তথা জনবিৰোধী আঁচনি বাতিল কৰিবলৈ জলসম্পদ বিভাগ তথা ব্ৰহ্মপুত্ৰ বৰ্ডলৈ আহ্বান জনাই হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে (Protest over Dibang river digging) ৷

প্ৰতিবাদী ৰাইজে জনোৱা মতে, শদিয়া মহকুমাৰ অন্তৰ্গত বৃহত্তৰ অমৰপুৰ গাওঁ পঞ্চায়তৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱক প্ৰতি বছৰে অঞ্চলটোৰ মাজেৰে বৈ যোৱা দিবাং আৰু দতুং নদীৰ বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰি আহিছে । কিন্তু আজিলৈকে অসম চৰকাৰ কিম্বা জলসম্পদ বিভাগে এই জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনোধৰণৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ইয়াৰ বিপৰীতে চৰকাৰে প্ৰায় 92 কোটিটকীয়া আঁচনিৰে দিবাং নদীৰ নিমঘাটত নদীখনৰ গতিপথ সলনি কৰাৰ উদ্দেশ্যৰে খনন কাৰ্য আৰম্ভ কৰিছে ৷

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ এনেধৰণৰ দায়িত্ব-জ্ঞানহীন কাণ্ডৰ ফলত অমৰপুৰ এদিন সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব বুলি ক্ষোভেৰে প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ জানিব পৰা মতে, দিবাং নদীৰ দক্ষিণ দিশে অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা বনৰীয়া জীৱ-জন্তু আদিৰ নিৰাপত্তা লগতে ছৈখোৱা, হাতীঘূলি অঞ্চলৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত জিঅ’ বেগেৰে শক্তিশালী মথাউৰি নিৰ্মাণ কৰি আছে ৷

বৰ্তমান প্ৰবাহিত দিবাং নৈৰ সুঁতিয়ে উক্ত মথাউৰিটোৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি আনিছে আৰু যাৰবাবে জলসম্পদ বিভাগে দিবাং নদীৰ গতিপথ সলনি কৰিবলৈ কেইবা কোটি টকীয়া নদী খনন প্ৰকল্প হাতত লৈছে ৷ কিন্তু দিবাং নদীৰ উত্তৰ পাৰৰ বৃহত্তৰ অমৰপুৰ অঞ্চলৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাকৈ দিবাঙৰ নিমঘাটৰ পৰা নামনি অমৰপুৰলৈ দিবাং নদীৰ গতিপথ সলনি কৰাৰ লক্ষ্যৰে জলসম্পদ বিভাগে ৰূপায়ণ কৰা এই খননকাৰ্যক শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাই প্ৰতিবাদী ৰাইজে৷ অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে মিচিং জাতীয় সংগঠনসমূহে ৷

ইফালে, এই দাবীৰ লগতে প্ৰায় দুকুৰিৰো অধিক গাঁৱেৰে গঠিত 10 সহস্ৰাধিক ৰাইজে বসবাস কৰা অমৰপুৰৰ কেইবাটাও স্পৰ্শকাতৰ সমস্যা সমাধানৰ দাবী সম্বলিত এক স্মাৰকপত্ৰ মিচিং জনগোষ্ঠীয় সংগঠনসমূহে শদিয়াৰ মহকুমাধিপতিৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Assam TET exam: শিক্ষান্ত্ৰীয়ে দিলে ভাল খবৰ; ৰাজ্যত পুনৰ হ’ব টেট পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.