ETV Bharat / state

Protest in Tinsukia: মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ - president of Assam Maran Sabha Rajiv Bara

ৰাজ্যত অব্যাহত আছে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ ৷ তিনিচুকীয়া জিলাত কেইবাটাও মৰাণ দল-সংগঠনৰ সহযোগত মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা, ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ লগতে স্বায়ত্তশাসন প্ৰদান কৰা সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ (Protest in Tinsukia) ৷

Protest in Tinsukia for demanding for tribal status of Moran community
মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ
author img

By

Published : Apr 7, 2023, 7:07 PM IST

মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ

তিনিচুকীয়া, ৬ এপ্ৰিল: অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা জনগোষ্ঠীটোৰ এক পুৰণি দাবী ৷ মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ সভা, ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা, মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰো দাবী উত্থাপন কৰিছে সংগঠনকেইটাই (Protest in Tinsukia for demanding for tribal status) ৷

শুকুৰবাৰে অসম মৰাণ সভাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সহযোগত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰে (Protest in Tinsukia) ৷ প্ৰতিবাদী সমদলটোৱে তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ হৈ বৰগুৰিস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে ৷ প্ৰতিবাদকাৰীসকলে আমাক জনজাতিকৰণ লাগিবই, আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Tribal status of Moran community) ৷

পৰৱৰ্তী সময়ত প্ৰতিবাদী সমদলটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি এক প্ৰতিবাদী সভাও সম্বোধন কৰে ৷ লগতে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া (president of Assam Maran Sabha Rajiv Bara), সম্পাদক বিতুপন মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক দেৱকান্ত মৰাণকে আদি কৰি সদৌ মৰাণ কলাসংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভাৰ নেতৃত্বৰ লগতে কেইবা শতাধিক মৰাণ জনগোষ্ঠীৰ লোক উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাকক্ষণত মৰাণ জনগোষ্ঠীকে আদি কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দি আহিছে (Tribal status of six communities) ৷ শেহতীয়াকৈ শাসনাধিস্থিত দলটোৱেও নিৰ্বাচনৰ প্ৰাকক্ষণত একেই আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত জনজাতিকৰণ নহ’ল মৰাণ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ ভিতৰত এটাও জনগোষ্ঠী ৷ গতিকে এতিয়া পুনৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ গঢ়ি তুলিছে মৰাণ জনগোষ্ঠীৰ দল সংগঠনে (Local Moran party) ৷

লগতে পঢ়ক: Pranjal Moran Case Update: প্ৰায় তিনিমাহৰ অন্তত লিডুৰ কয়লাখনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.