ETV Bharat / state

বিগত 8 দিনে অব্যাহত আছে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ - লাইকা-দধিয়া

তিনিচুকীয়া বন সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ ৷ লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবীৰে বিগত 8 দিনৰ পৰা অব্যাহত আছে প্ৰতিবাদ ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰী কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ
লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ
author img

By

Published : Dec 28, 2020, 8:31 PM IST

তিনিচুকীয়া, 28 ডিচেম্বৰ : TMPK, MMK, TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে যোৱা ২০ তাৰিখৰ পৰা কৰি অহা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে আজি 8 টা দিন অতিক্ৰম কৰিলে ৷ কিন্তু চৰকাৰ-প্ৰশাসনৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই লাইকা-দধিয়াবাসী মিচিং সাম্প্ৰদায়ৰ ৰাইজে । ফলত সোমবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত বন সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷ পুনৰ সংস্থাপন বিচৰাৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

বিগত 8 দিনে অব্যাহত আছে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ

উল্লেখ্য যে, বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে যোৱা ২০ তাৰিখে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে যদিও, কোনো ধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ'ল ৷ ইয়াৰ পাছতে ক্ষোভিত হৈ যোৱা ২১ তাৰিখৰ পৰা বৰগুৰিত অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে তেওঁলোকে ৷ পুহ মাহৰ জাৰকো নেওচি দিন-ৰাতি কটাইছে লাইকা-দধিয়াবাসী ৰাইজে ৷ প্ৰায় 1480 টা পৰিয়ালে নিজৰ‌ জীয়াই থকাৰ অধিকাৰ আৰু বসবাস কৰিবলৈ এডোখৰ মাটি লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবীৰে যমৰ যাতনাত দিন-ৰাতি কটাবলগীয়া হৈছে ৷

লগতে পঢ়ক: লণ্ডনৰ পৰা গোলাঘাটলৈ অহা দম্পতিৰ শৰীৰত ক'ভিড-19ৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.