ETV Bharat / state

বাঘজান তৈলখাদ বিস্ফোৰণঃ ক্ষতিগ্ৰস্তসকলৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 7, 2020, 3:29 PM IST

দেওবাৰে ডুমডুমা বাঘজানত অৱস্থান ধৰ্মঘটত বহিল তৈলখাদ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকল । খাদটোৰ পৰা গেছ নিৰ্গমন কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় প্ৰতিবাদত বহা লোকসকলে ।

বাঘজান তৈলখাদ বিস্ফোৰণঃ ক্ষতিগ্ৰস্তসকলৰ অৱস্থান ধৰ্মঘট
বাঘজান তৈলখাদ বিস্ফোৰণঃ ক্ষতিগ্ৰস্তসকলৰ অৱস্থান ধৰ্মঘট

ডুমডুমা, ৭ জুনঃ তিনিচুকীয়া ডুমডুমাত বাঘজানত দেওবাৰে অৱস্থান ধৰ্মঘটত বহিল তৈলখাদ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকল । উল্লেখ্য যে, বিগত 27 মে'ত তিনিচুকীয়াৰ বাঘজানত থকা "BGR-5" নম্বৰৰ তৈলখাদত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । সেই দিনৰ পৰা বৰ্তমানলৈকে বিস্ফোৰিত তৈলখাদটোৰ পৰা অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত হৈয়েই আছে । ইফালে বৃহত্বৰ অঞ্চলটোৰ ক্ষতিগ্ৰস্ত লোকসকলক কেইবাটাও আশ্ৰয় শিবিৰত ৰখা হৈছে । যাৰ বাবে বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকসকলে এইবাৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে ।

শীঘ্ৰে খাদটোৰ পৰা গেছ নিৰ্গমন কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী কৰে আশ্ৰয় শিবিৰত থকা লোকসকলে । অনহাতে, বাঘজানৰ এই খাদটোৰ পৰা নিৰ্গত হোৱা গেছ বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ।

উল্লেখযোগ্য যে, ঘটনাৰ 12 দিন অতিক্ৰম কৰাৰ পাছতো বাঘজানৰ "BGR-5" নম্বৰৰ এই তৈলখাদটোৰ পৰা নিৰ্গত হৈ থকা গেছ অইল ইণ্ডিয়া কৰ্তৃপক্ষই বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে, বিদেশৰ পৰা এটা বিশেষজ্ঞৰ দল অহাৰ কথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই জনাইছিল যদিও বৰ্তমানলৈকে কোনো বিশেষজ্ঞৰ দল বাঘজানত উপস্থিত হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.