ETV Bharat / state

ডুমডুমাৰ ফিল'বাৰীত আছুৰ গণ বিক্ষোভ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ গণ বিক্ষোভ ৷ ডুমডুমাৰ ফিল'বাৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য হ্ৰাস কৰাৰ দাবীৰে আছু কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত আছুৱে এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

A_DDM_801_DOOMDOOMA_PHILLOBARI_vis_img_ASC10048
ডুমডুমাৰ ফিল'বাৰীত আছুৰ গণ বিক্ষোভ
author img

By

Published : Feb 19, 2021, 9:17 PM IST

ডুমডুমা, 19 ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ডুমডুমাৰ ফিল'বাৰীত আছুৰ গণ বিক্ষোভ কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে ডুমডুমাত ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

ফিল'বাৰীৰ গাভৰুভেটিত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আছুৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক অথি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

চৰকাৰৰ বিৰুদ্ধে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী ৰাইজে ৰন্ধন গেছ, পেট্ৰ'ল ,ডিজেল আৰু আলু পিঁয়াজৰ মালা লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.